নাজিৰাৰ চকীমুখত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আৰ্বিভাৱ মহোৎসৱ পালন 

নাজিৰাৰ চকীমুখত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আৰ্বিভাৱ মহোৎসৱ পালন 

যদুমণি হাজৰিকা,নাজিৰা,ৰঙিলী বাৰ্ত্তাসেৱা-শ্ৰীমন্ত শংকৰ দেৱ সংঘৰ এপষেক যোৰা কাৰ্যক্ৰমণিকানুসৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আৰ্বিভাৱ মহোৎসৱ ভাগি সংঘৰ নাজিৰা জিলা শাখাৰ উদ্যোগত নাজিৰা আঞ্চলিক শাখাৰ আতিথ্যত নাজিৰাৰ চকীমুখস্থ আঞ্চলিক শাখাৰ নামঘৰত শনিবাৰে দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰে । কাৰ্যসুচী অনুসৰি আজি পুৱা পৰিৱেশ নিকাকৰণৰ পিছতে দেউকন চাংমাই , তিলেশ্বৰ হাজৰিকা , প্ৰতাপ লাহন আৰু প্ৰদীপ তামুলীয়ে বৃক্ষৰোপণ কৰাৰ পিচতে জিলা শাখাৰ সভাপতি দেবেন কোঁৱৰে ধৰ্মধ্বজ্জা উত্তোলন কৰে । পিচত নামপ্ৰসংগ আৰু ভাগৱত শোভাযাত্ৰাত সমগ্ৰ চকীমুখ অঞ্চল হৰি নামেৰে মুখৰিত হৈ পৰে । ইয়াৰ পিছতে জিলা শাখাৰ সভাপতি দেৱেন কোঁৱৰৰ সঞ্চালনাত অনুষ্ঠিত ধৰ্মালোচনী সভা বৰগীতেৰে শুভাৰম্ভ কৰে শিশু শিল্পী কৌস্তুৰি লাহনে । নাজিৰা জিলা শাখাৰ শৰণ সদস্য প্ৰমোদ তামুলীয়ে উদ্বোধন কৰা ধৰ্মালোচনী সভাত গুৱাহাটী মহানগৰ জিলা শাখাৰ মূলৰ দীৰ্ঘকালীন প্ৰচাৰ সদস্য দীপক ব্ৰহ্ম ই নিৰ্দ্দিষ্ট বক্তা , মূলৰ সদস্যদ্বয় যতীন লাহন , প্ৰশান্ত বড়া , মূলৰ প্ৰাক্তন যুটীয়া সম্পাদক কুমুদ শইকীয়া, যোগেশ্বৰ দত্ত , বগাধৰ বৰুৱা , দীপক ভৰালী আদিকে ধৰি ভালেকেইজনে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি গুৰুজনাৰ এক শৰণ হৰি নাম ধৰ্মৰ প্ৰসাৰ , আধ্যাত্মিক চিন্তা চেতনা , সাংস্কৃতিক উদ্ভাষণ তথা দৰ্শনৰ ভেটিত সমাজ গঠন প্ৰক্ৰিয়াৰ সন্দৰ্ভত বহুল ব্যাখ্যা দাঙি ধৰে । সন্ধিয়া ধৰ্মধ্বজা সম্বৰণ আৰু বন্তি প্ৰজ্বলনেৰে কাৰ্যসুচী সামৰণি মাৰে ।