বৰষুণ নেওচি অমৃত কলহ যাত্ৰাত মহিলাৰ অংশগ্ৰহণ

বৰষুণ নেওচি অমৃত কলহ যাত্ৰাত মহিলাৰ অংশগ্ৰহণ

 মঙলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা-দৰঙৰ বিভিন্ন স্হানত ৫ অক্টোবৰত বৰষুণক নেওচি অমৃত কলহ যাত্ৰা সম্পন্ন হয়। আত্ম সহায়ক গোট তথা স্হানীয় মহিলা সকলে গাঁওৰ পৰিয়ালৰ সমূহৰ পৰা মাটি সংগ্ৰহ কৰি নিদিষ্ট নিৰ্দেশনা অনুসৰি নিজ নিজ পঞ্চায়তলৈ সমদল কৰি অমৃত কলহ যাত্ৰা কৰে। দৰঙৰ পশ্চিম মঙ্গলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত জলজলী গাঁও পঞ্চায়তৰ মহিলা সকলেও বৰষুণ নেওচি অমৃত কলহ যাত্ৰা সম্পূৰ্ণ কৰে।