ৰাজ্যিক বিজেপিৰ সংবাদ বিভাগৰ ‘বৌদ্ধিক চৰ্চা’ অনুষ্ঠান

ৰাজ্যিক বিজেপিৰ সংবাদ বিভাগৰ ‘বৌদ্ধিক চৰ্চা’ অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যিক বিজেপিৰ সংবাদ বিভাগৰ উদ্যোগত আজি দলৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত “বৌদ্ধিক চৰ্চা” অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত দলৰ মুখপাত্ৰ আৰু পেনেলিষ্টসকলে কাৰ্যকৰ্তা সকল উপকৃত হোৱাকৈ আৰ্থ সামাজিক, সাম্প্ৰতিক ৰাজনৈতিক আদি বিভিন্ন বিষয়ৰ ওপৰত বক্তব্য প্ৰদান কৰাৰ লগতে মত বিনিময় কৰে৷ অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক আৰ ৰবীন্দ্ৰ ৰাজু, সাধাৰণ সম্পাদক তথা সাংসদ পল্লৱ লোচন দাস মুখ্য মুখপাত্ৰ মনোজ বৰুৱা জ্যেষ্ঠ মুখপাত্ৰ ৰূপম গোস্বামী বিধায়ক দিগন্ত কলিতা,ভূৱন পেগু,ৰূপক শৰ্মা সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱ জ্যোতি মৰল সহিতে সকলো দলীয় মুখপাত্ৰ পেনেলিষ্ট সকল উপস্থিত থাকে ৷