অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কামৰূপ মহানগৰ জিলা সমিতিৰ প্ৰতিকৃতি দহন কাৰ্যসূচী

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কামৰূপ মহানগৰ জিলা সমিতিৰ প্ৰতিকৃতি দহন কাৰ্যসূচী

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী চানমাৰিৰ বিষ্ণুৰাভা পথস্থিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মুখ্যকাৰ্য্যালয়ৰ সমীপত প্ৰতিকৃতি দহন কাৰ্যসূচী ৰূপায়ণ কৰে৷ কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত তথা উক্ত সমিতিৰ সভাপতি সঞ্জীৱ ৰায় চৌধুৰী আৰু সাধাৰণ সম্পাদক সুকুমাৰ বৰ্মন আদিৰ নেতৃত্বত প্ৰায় ৫৫ জনমান সদস্য,সমৰ্থকে শক্তি বিভাগে বিদ্যুত মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ প্ৰতিবাদত শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছাৰ প্ৰতিমূৰ্ত্তি দহন কাৰ্যসূচী ৰূপায়ণ কৰে৷ প্ৰতিমূৰ্তি দহন কাৰ্যসূচী সম্পূৰ্ণ কৰিব নেপাওঁতেই কৰ্তব্যৰত আৰক্ষী আহি বাধা প্ৰদান কৰাত দলটো আঁতৰি যায় ৷