আলফা স্বাধীনৰ শিবিৰত পুনৰ মৃত্যুদণ্ড

আলফা স্বাধীনৰ শিবিৰত পুনৰ মৃত্যুদণ্ড

ৰঙিলী বাৰ্ত্তাসেৱা- আলফা (স্বাধীন)ৰ শিবিৰৰ পৰা পুনৰ মৃত্যুদণ্ডৰ খবৰ আহিছে। কেডাৰৰ তেজেৰে ৰাঙলী হৈছে আলফাৰ শিবিৰ। মৃত্যুদণ্ডৰ দৰে ভয়ানক শাস্তি বিহা হৈছে আলফা (স্বাঃ)ৰ সদস্যক। এইবাৰ মৃত্যু দণ্ডৰে দণ্ডিত হ’ল এগৰাকী মহিলাসহ ১৯৯১ চনতে আলফাত যোগদান কৰা এগৰাকী জ্যেষ্ঠ নেতা। এই দুগৰাকী নেতা কেডাৰৰ বিৰুদ্ধে সংগঠন বিৰোধী কাৰ্যকলাপত জড়িত থকা তথা চোৰাংচোৱা বাহিনীৰ সৈতে গুপুতে যোগাযোগ ৰক্ষাৰ অভিযোগ আনে আলফা (স্বাধীন)এ। মৃত্যুদণ্ড বিহা এজনৰ নাম লাচিত হাজৰিকা ওৰফে চেলিম আলী আনগৰাকী বৰ্ণালী অসম ওৰফে নয়নমণি চেতিয়া ।লাচিত হাজৰিকা ওৰফে ব্ৰিগেডিয়াৰ ছেলিম ULFA-Iৰ নিম্ন সদনৰ উপ সভাপতি আছিল। ১৯৮৮ চনত আলফাত যোগ দিয়া লাচিত হাজৰিকাই, ১৯৯০ত অসম এৰি ম্যানমাৰ শিবিৰত প্ৰশিক্ষণ লৈছিল। তেতিয়াৰে পৰাই লাচিত হাজৰিকা আলফা(স্বা)ৰ মুখ্য সেনাধক্ষ্যগৰাকীৰ বিশ্বস্ত সহযোগী আছিল। লাচিত হাজৰিকাই ২০০১ চনত পাকিস্তানৰ ISIৰ শিবিৰত প্ৰশিক্ষণ লৈছিল। পাকিস্তানৰ ISIৰ শিবিৰত প্ৰশিক্ষণ লোৱা ব্ৰিগেডিয়াৰ ছেলিম ওৰফে লাচিত হাজৰিকা অন্যতম শীর্ষ নেতা আছিল। উল্লেখ্য যে, নয়নমণি চেতিয়া আছিল এগৰাকী সুদক্ষ খেলুৱৈ। তদুপৰি এগৰাকী মাতৃও আছিল নয়নমণি।