দৰঙত গান্ধী জয়ন্তী উদযাপন 

দৰঙত গান্ধী জয়ন্তী উদযাপন 

মঙলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা- দৰং জিলা প্ৰশাসনৰ উদ্যোগত ২ অক্টোবৰত মঙলদৈত অৱস্থিত গান্ধী স্মৃতি উদ্যানত গান্ধী জয়ন্তী উদযাপন কৰা হয়। এই উপলক্ষে জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে আৰু মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই গান্ধী স্মৃতি উদ্যানখনত থকা গান্ধী বেদীত বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলি অৰ্পণ কৰি জাতিৰ পিতালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি সাংসদ দিলীপ শইকীয়াই কয় যে মহামানৱ মহাত্মা গান্ধীৰ সত্য, অহিংসা আৰু পৰোপকাৰৰ বাণী চিৰদিন প্ৰাসংগিক হৈ আছে। বৃটিছৰ ঔপনিৱেশিক শাসনৰ কবলৰ পৰা ভাৰতক মুক্ত কৰাৰ ক্ষেত্ৰত গান্ধীৰ নেতৃত্ব আৰু অৱদানৰ কথা স্মৰণ কৰি সাংসদগৰাকীয়ে কয় যে গান্ধীৰ দৰ্শন তথা পথ আমাৰ সকলোৰে বাবে পাথেয় । স্বচ্ছতা, সৰ্বোদয়, গ্ৰামোদয়, আত্মনিৰ্ভৰশীল ভাৰতৰ লগতে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ তথা পঞ্চায়তীৰাজ বিষয়ক গান্ধীৰ ধাৰণা আৰু দৰ্শন বৰ্তমান যুগতো কিদৰে প্ৰাসংগিক হৈ আছে তাৰ ওপৰত সাংসদগৰাকীয়ে তেওঁৰ ভাষণত আলোকপাত কৰে । মহামানৱ মহাত্মা গান্ধীৰ জীৱন-দৰ্শনক প্ৰতিজন ভাৰতীয়ৰ মনত নৱৰূপত প্ৰতিষ্ঠা কৰাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে সাংসদগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে । স্বচ্ছতা সম্পৰ্কে গান্ধীৰ দৰ্শনক অনুসৰণ কৰি প্ৰধানমন্ত্ৰীৰ দায়িত্বলৈয়েই তেওঁ আৰম্ভ কৰা স্বচ্ছ ভাৰত অভিযানে সমগ্ৰ ভাৰতৰ সৰ্বস্তৰতে যুগান্তকাৰী পৰিৱৰ্তন আনিছে বুলি তেওঁ মন্তব্য কৰে। সভাত সাংসদ গৰাকীয়ে ৩০ লাখ টকা ব্যয়ৰে গান্ধী স্মৃতি উদ্যানখন ন-ৰূপত সজাই তোলা হ’ব বুলি ঘোষণা কৰে। ইয়াৰ লগতে ড০ ভূপেন হাজৰিকা উদ্যানৰ বাবে ১৫ লাখ টকা আগবঢ়োৱা হ’ব বুলিও তেওঁ আজিৰ সভাত ঘোষণা কৰে। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে। জিলা আয়ুক্তগৰাকীয়ে গান্ধীৰ সত্য আৰু অহিংসাৰ নীতিয়ে সমগ্ৰ ভাৰতবাসীকে বৃটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজিবলৈ উদ্ধুদ্ধ কৰিছিল বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে গান্ধীয়ে তেওঁৰ আদৰ্শ আৰু কৰ্মৰাজিৰে হিংসাৰ বিৰুদ্ধে অহিংসাৰ শক্তি প্ৰতিপন্ন কৰিছিল।গান্ধী জয়ন্তী উদযাপন কাৰ্যসূচীত সমল ব্যক্তিৰূপে অংশগ্রহণ কৰি খাৰুপেটীয়া মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ বুধিন চন্দ্ৰ হাজৰিকাই গান্ধীৰ ছাত্ৰ জীৱন, ওকালতি আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁৰ নেতৃত্বৰ বিষয়ে বিস্তাৰিত ব্যাখ্যা আগবঢ়ায় । সভাত ভজন পৰিবেশন, সৰ্বধৰ্ম প্ৰাৰ্থনা সভা আদিও অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত মঙলদৈ পৌৰসভাৰ সভাপতি নিৰ্মালী দেৱী শৰ্মা, দৰঙৰ জিলা উন্নয়ন আয়ুক্ত পংকজ কুমাৰ ডেকা, সমাজকৰ্মী গোবিন্দ উপাধ্যায়, অৰুণ বৰুৱা আৰু বিশিষ্ট সাংবাদিক ভাৰ্গৱ কুমাৰ দাসো উপস্থিত থাকে।উল্লেখ্য যে গান্ধী স্মৃতি উদ্যানত আয়োজিত গান্ধী জয়ন্তী উদযাপন কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতা তিনিটা শাখাত অনুষ্ঠিত হয়। প্ৰথম শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ক শাখাত অপ্সৰা বিশ্বাসে প্ৰথম, আদিত্য সূত্ৰধৰে দ্বিতীয় আৰু ধনুজ কলিতাই তৃতীয় স্থান লাভ কৰে। চতুৰ্থ শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ -ছাত্ৰীৰ মাজত খ শাখাত অনুষ্ঠিত প্ৰতিযোগিতাত প্ৰয়াস ঠাকুৰীয়াই প্ৰথম, ছাব্ৰিনা য়াছমিনে দ্বিতীয়, দীক্ষিতি ডেকাই তৃতীয় স্থান লাভ কৰে। সপ্তমৰ পৰা অষ্টম শ্ৰেণীলৈ তৃতীয় শাখাৰ প্ৰতিযোগীসকলৰ মাজত মেঘনা দেৱীয়ে প্ৰথম, নেহা দাসে দ্বিতীয় আৰু কাৰ্তিক কলিতাই তৃতীয় স্থান লাভ কৰে।ইয়াৰোপৰি পুৱাৰ ভাগত দৰঙৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰাংগনত থকা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে জাতিৰ পিতালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।