অসমীয়া মানুহৰ ইতিহাসৰ’ স্ৰষ্টা বিশিষ্ট সাহিত্যিক ,শিক্ষাবিদ ড° নগেন শইকীয়ালৈ ‘ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা ২০২৩ 

অসমীয়া মানুহৰ ইতিহাসৰ’ স্ৰষ্টা বিশিষ্ট সাহিত্যিক ,শিক্ষাবিদ ড° নগেন শইকীয়ালৈ ‘ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা ২০২৩ 

মঙ্গলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা-অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ‘মিতভাষ’, ‘অসমীয়া মানুহৰ ইতিহাস’ৰ দৰে প্ৰখ্যাত গ্ৰন্থৰ স্ৰষ্টা বিশিষ্ট সাহিত্যিক ,শিক্ষাবিদ ড° নগেন শইকীয়ালৈ ‘ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা ২০২৩ ‘ আগবঢ়োৱা হৈছে। সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ,দৰং জিলা সমিতিয়ে ৭২ মাধ্যম আন্দোলনৰ প্ৰথম গৰাকী বীৰ ছহিদ মোজাম্মিল হকৰ ৫২ সংখ্যক মৃত্যু তিথি উপলক্ষে অহা ৬ অক্টোবৰত আয়োজিত হ’বলগীয়া ষষ্ঠদশ মাতৃভাষা দিৱসত এই বঁটা ড° শইকীয়াক প্ৰদান কৰিব। ১ অক্টোবৰত মঙলদৈ প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদ মেল যোগে এই কথা ঘোষণা কৰে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ প্ৰাক্তন সভাপতি,দৰং জিলা সমিতিৰ মুখ্য উপদেষ্টা ড° চহিৰ ভূঞা ,জিলা সভাপতি বাবুল মকছেদ আহমেদ আৰু সাধাৰণ সম্পাদক চাহাবুদ্দিন আহমেদে। উল্লেখ্য যে মাধ্যম আন্দোলনৰ প্ৰথম গৰাকী বীৰ ছহিদ মোজাম্মিল হকৰ ছহিদ দিৱসটি বিগত ২০০৮ বৰ্ষৰ পৰা প্ৰতিবছৰে মাতৃভাষা দিৱস হিচাপে উদযাপন কৰি আহিছে । এইবেলি ২০২৩ বৰ্ষৰ ৬ অক্টোবৰত অনুষ্ঠিতব্য মাতৃভাষা দিৱসতে প্ৰথম বাৰৰ বাবে ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা প্ৰদানৰ সিদ্ধান্ত মৰ্মে অসমীয়া জাতীয় জীৱনলৈ যোগোৱা জীৱনজোৰা অৱদান বিশেষকৈ ‘অসমীয়া মানুহৰ ইতিহাস ‘ গ্ৰন্থৰ বাবে ড° নগেন শইকীয়াক উক্ত বঁটা প্ৰদানৰ বিষয়ে ঘোষণা কৰে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ ,দৰং জিলা সমিতিৰ নেতৃবৃন্দই। এই উপলক্ষত অহা ৬ অক্টোবৰত দৰং জিলা সাহিত্য সভা প্ৰকল্প প্ৰেক্ষাগৃহত ষষ্ঠদশ মাতৃভাষা দিৱস আৰু ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা প্ৰদানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানৰ উদ্যোক্তা সকলে জানিবলৈ দিয়া অনুসৰি মাতৃভাষা দিৱস পৰিচালনা সমিতিৰ সভাপতি ড° চহিৰ ভূঞাৰ সঞ্চালনাত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠান উদ্বোধন কৰিব দৰঙৰ জিলা আয়ুক্ত মুনিন্দ্ৰ নাথ ঙাটে। উক্ত অনুষ্ঠানত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া আৰু কেন্দ্ৰীয় সমিতিৰ সভাপতি শ্বাহনেৱাজ হুছেইন মুখ্য অতিথি হিচাপে, মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কমলা কান্ত বৰাই নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰিব। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশী ,মঙলদৈ সমষ্টিৰ বিধায়ক,বসন্ত দাস, মঙলদৈৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস,দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মানস দাসে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব । আনহাতে অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি নুৰুল হক, সাধাৰণ সম্পাদকদ্বয় চহিদ আলি আহমেদ,হাচিফুল ইছলাম,দৰং জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা ভবেন বৰ্মন, বিশিষ্ট উদ্যোগপতি অনুপম ডেকা, বিশিষ্ট সমাজকৰ্মী কুলেন হাজৰিকা,সদৌ অসম ছাত্ৰ সন্থাৰ বিত্তীয় সম্পাদক খনীন্দ্ৰ ৰাজবংশী, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি ভবেশ কাকতি ,দৰং জিলা সাহিত্য সভাৰ সম্পাদক বসন্ত শইকীয়া , জাতীয় শিক্ষা সংসদৰ সচিব ৰাণা বশিষ্ঠ প্ৰমুখ্যে বিশিষ্ট লোক সকল। অনুষ্ঠানৰ পূৰ্বে ছহিদ মোজাম্মিল হকৰ প্ৰতিচ্ছবিত মাৰ্লাৰ্পণ কৰিব ছহিদ ভাতৃ বদৰুল হকে আৰু মুখ্য তৰ্পক হিচাপে ছহিদ তৰ্পণ মুকলি কৰিব দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনীকান্ত নাথে।সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ দৰং জিলা সমিতিৰ আজিৰ সংবাদ মেলত জিলা কাৰ্যকৰী সভাপতি আয়ুব আনছাৰী, উপ-সভাপতি মইনুল হক শইকীয়া, মাতৃভাষা দিৱস পৰিচালনা সমিতিৰ সভাপতি মহিবুল হক,অন্যতম জিলা সম্পাদক আলহাজুদ্দিন আহমেদ,মঙলদৈ সদৰ সমিতিৰ সহকাৰী সম্পাদক তবিবুল্লাহ হক প্ৰমুখ্যে বিষয়ববীয়া সকল উপস্থিত থাকে।