ৰক্তদান – ৰুমী কলিতা দত্ত

 অণুগল্প
ৰক্তদান
ৰুমী কলিতা দত্ত, কেন্দুগুৰি
সময়ৰ প্ৰতি লক্ষ্য ৰাখি দৈনন্দিন কামবোৰ কৰিবলৈ তীৰ্থই ঘৰৰ মানুহক কৈ থাকে,সি থকালৈকে ঘৰখনত কোনেও ৰ’বলৈ নাপায়।সি অফিচলৈ ওলাই যোৱালৈহে সকলোৱে বাট চাই থাকে।এই হুলস্থুলীয়া পৰিবেশটো কাৰোৱে ভাল নালাগে ।কিছুমান মানুহে আজৰি সময় উলিয়াই নতুন নতুন সৃষ্টিত ব্যস্ত হৈ পৰে । তাৰমাজতে কিছুৱে পৰচৰ্চাত ব্যস্ত হৈ আজৰি সময়ৰ অপব্যৱহাৰ কৰে । সময় উকলি যায়,এনেতে তীৰ্থৰ দুৰ্ঘটনাৰ খবৰে সকলোকে জোকাৰি গ’ল । কোনোবাই কান্দিলে,কোনোবাই তাৰ গাতেই দুখ জাপি এজাউৰি গালি দিলে।এই সকলোবোৰ শুনি থকা বন্ধুৱেক জনে তাক তেজ দি হ’লেও বচাবলৈ হস্পিতেললৈ ঢাপলি মেলিলে।ৰক্ত দান মহান দান সকলোৱে দেখোন জানে, তথাপি  বহুত মাজত এজনেহে চোন কথাষাৰ বুজি পালে।