অৱসৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী আলহাজা ৰাবিয়া বেগমৰ মৃত্যুঃনাজিৰাত শোকৰ ছাঁ

অৱসৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী আলহাজা ৰাবিয়া বেগমৰ মৃত্যুঃনাজিৰাত শোকৰ ছাঁ

যদুমণি হাজৰিকা, নাজিৰা , ৰঙিলী বাৰ্ত্তাসেৱা- নাজিৰা নগৰৰ ৮নং ৱাৰ্ডৰ নিবাসী তথা অৱসৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী আলহাজা ৰাবিয়া বেগম(৭৯)ৰ যোৱাকালি বিয়লি ডিব্ৰুগড় ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু।শিক্ষয়ত্ৰীগৰাকীৰ মৃত্যু ৰ খবৰ বিয়পি পৰাৰ লগে লগে বহু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে অগনণ গুণমুগ্ধ ই তেখেতৰ বাসভৱনত ভীৰ কৰে।উল্লেখ্য যে ২০২০বৰ্ষত ক’ভিডত আক্ৰন্ত হৈ এক প্ৰকাৰ স্বাস্থ্য ভাগি পৰা ৰাবিয়া বেগম বিগত বৰ্ষত সুস্থ হৈ উঠিছিল যদিও শেহতীয়াকৈ হৃদ আৰু যকৃৎ ৰোগত আক্ৰান্ত হৈ পৰে।বিগত প্ৰায় এসপ্তাহ পূৰ্বে স্বাস্থ্য ৰ অধিক অৱনতি ঘটাত ডিব্ৰুগড় ৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।চিকিৎসাধীন অৱস্থাত যোৱাকালি বিয়লি কৃতী শিক্ষয়িত্ৰী আলহাজা ৰাবিয়া বেগমে শেষ নিশ্বাস ত্যাগ কৰে।কূ্তী শিক্ষয়িত্ৰী ৰ বঁটা প্ৰাপ্ত আলহাজা ৰাবিয়া বেগমে ২০০৪ বৰ্ষত অসম কোম্পানী বালিকা প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষয়িত্ৰীৰূপে অৱসৰ গ্ৰহণ কৰে।অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ২০২২বৰ্ষৰ জানুৱাৰী মাহত অসম কোম্পানী ল’ৰা প্ৰাথমিক বিদ্যালয়ৰ শতবৰ্ষ উদযাপন সমিতিয়ে কূতী শিক্ষয়িত্ৰী হিচাপে ৰাজহুৱা সম্বৰ্ধনা জনায় ।তেখেতৰ জানাজা নামাজ নাজিৰা ঈদগাহ-জানাজা গৃহত অগনণ গুণমুগ্ধ ৰ উপস্থিতিত সম্পন্ন কৰা হয়।অতি অমায়িক,বিনয়ী,নম্ৰ স্বভাৱৰ আৰু হাহিঁমুখীয়া কৃতী শিক্ষয়িত্ৰী গৰাকীৰ মৃত্যুত সমগ্ৰ নগৰখনত শোকৰ ছাঁ।তেখেতৰ মৃত্যুত স্থানীয় বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া,প্ৰাক্তন মন্ত্ৰী ড০হেমপ্ৰভা শইকীয়াই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। মূত্যুৰ সময়ত স্বামী,এজন পুত্ৰ আৰু এগৰাকী কন্যা এৰি থৈ গৈছে ।