সমগ্ৰ শিক্ষাৰ ‘মিছন প্ৰকৃতি’ শীৰ্ষক হাতপুথি উন্মোচন

সমগ্ৰ শিক্ষাৰ ‘মিছন প্ৰকৃতি’ শীৰ্ষক হাতপুথি উন্মোচন

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত প্ৰকৃতি সংৰক্ষণৰ বাবে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি কাহিলিপাৰাস্থিত সমগ্ৰ শিক্ষাৰ সভাকক্ষত ‘মিছন প্ৰকৃতি’ শীৰ্ষক এক অনুষ্ঠান আয়োজিত হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ডব্লিউ ডব্লিউ এফৰ ‘মিছন প্ৰকৃতি’ নামৰ হাতপুথিখন মুখ্যমন্ত্ৰীৰ শিক্ষা উপদেষ্টা ড০ ননী গোপাল মহন্তই উন্মোচন কৰে। এই হাতপুথিখন অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতেই উপলব্ধ হ’ব। উল্লেখযোগ্য যে ‘মিছন প্ৰকৃতি’ৰ জৰিয়তে অসমৰ প্ৰায় ৪৫ হেজাৰ বিদ্যালয়ৰ ভিতৰত প্ৰায় ৩৯১২ খন চৰকাৰী বিদ্যালয়ক সামৰি লোৱা হৈছে। পানীৰ উপযুক্ত ব্যৱহাৰ, পানীৰ সংৰক্ষণ, প্ৰকৃতি সংৰক্ষণ আদি মিছন প্ৰকৃতিৰ প্ৰধান লক্ষ্য । তদুপৰি ‘মিছন প্ৰকৃতি’ অনুষ্ঠানত অংশগ্ৰহণকাৰী বিদ্যালয়সমূহৰ ভিতৰত শ্ৰেষ্ঠ পাঁচখন বিদ্যালয়ক ‘মুখ্যমন্ত্ৰীৰ সেউজ বিদ্যালয় বঁটা’ প্ৰদান কৰা হ’ব।অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে ঋতুৰাজ শৰ্মাই নিজস্ব পৰিকল্পনাৰে প্ৰস্তুত কৰা ১৮টা কাহিনীৰ সংমিশ্ৰিত ‘সপোনৰ ডেউকা’ শীৰ্ষক কাহিনী-চিত্ৰ সমগ্ৰ শিক্ষা অভিযানক অৰ্পন কৰে।ইয়াৰ ভিতৰত ১৩টা অসমৰ আৰু ৫টা দেশৰ অন্য স্থানৰ কাহিনী-চিত্ৰ সংযোজিত হৈছে।এই অনুষ্ঠানত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ ক্ৰমে চীফ অপাৰেটিং অফিচাৰ কৰণ ভাল্লা, পৰিৱেশ শিক্ষা বিভাগৰ মুখ্য অধ্যাপক নেহা ৰাঘৱ, অসম ৰাজ্যিক কাৰ্যালয়ৰ উপদেষ্টা অধ্যাপক ৰঞ্জিত চৌধুৰী, ৰাজ্যিক সমন্বয়ক অৰ্চিতা ভট্টাচাৰ্য, সমগ্ৰ শিক্ষাৰ কাৰ্যবাহী সঞ্চালক সঞ্জয় দত্ত, যুটীয়া সচিব অনুজা ভূঞাকে আদি কৰি সমগ্ৰ শিক্ষাৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।