আপুনি কাক বেছিকৈ মহত্ব প্ৰদান কৰে ? – চন্দ্ৰ শেখৰ পৰাজুলী

PC - Wallpaper Flare
আপুনি কাক বেছিকৈ মহত্ব প্ৰদান কৰে ?
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
আহকচোন আজি আমি নিজ মনৰ মাজতে এক গভীৰ বিষয় উত্থাপন কৰোঁ। আপুনি কাক বেছিকৈ মহত্ব প্ৰদান কৰে ? অৰ্থাৎ সকলোৱে এবাৰ এবাৰ মনতে প্ৰশ্ন কৰক  মই এতিয়ালৈকে জীৱন কালত কাক বেছিকৈ মহত্ব প্ৰদান কৰি আহিছোঁ। প্ৰথম অৱস্থাত আপুনি নিৰ্ধাৰণ কৰিবলৈ হয়তো অলপমান অসুবিধাৰ সন্মুখীন হ’ব লগা হ’ব পাৰে। কিন্তু লাহে লাহে কিছু পৰ বা কিছু দিন চিন্তাৰ অন্তত অপুনি নিজ মনৰ মাজতে উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব যে আপুনি কাক এতিয়ালৈকে বেছিকৈ মহত্ব বা গুৰুত্বপূৰ্ণ বুলি ভাবিবলৈ বাধ্য হৈছে। পৰাপক্ষত চৌদিশে দৃষ্টিগোচৰ হোৱা মতে যাৰ হাতত যিবোৰ বস্তুৰ বৰ বেছিকৈ অভাৱ হোৱা পৰিলক্ষিত হয় তেওঁলোকে সচৰাচৰ সেই বস্তুবোৰকে বেছিকৈ প্ৰাধান্য দিয়া দেখা যায়। যাৰ শিক্ষা নাই বা শিক্ষা একেবাৰে কম সেইজন মানুহে শিক্ষাক বেছি প্ৰাধান্য বা মহত্ব প্ৰদান কৰে । ইয়াৰ উপৰি যিসকলৰ হাতত টকা নাই তেওঁলোকে টকাক বেছিকৈ মহত্ব দিয়া দেখা যায়। তেনেকৈ কিছুমানৰ বিয়াৰ পিছত যদি সন্তানৰ জন্ম দিয়াত বহু অসুবিধাৰ সন্মুখীন হয় তেতিয়া বিবাহিত দম্পত্তীয়ে সন্তানৰ প্ৰতি বেছিকৈ মহত্ব প্ৰদান কৰে। এনেদৰে এই সংসাৰত জীয়াই থকা প্ৰায়সংখ্যক মানুহে নিজ নিজ ব্যক্তিগত জীৱনত যিবোৰ বিষয়-বস্তুৰ বৰকৈ অভাৱ অনুভৱ কৰে তেওঁলোকে সেই বিষয়-বস্তুৰ ওপৰত বেছিকৈ প্ৰাধান্য বা মহত্ব প্ৰদান কৰা পৰিলক্ষিত হয়। আচলতে আমাৰ জীৱন কালত কিবা নহয় কিবা এটা দিশত হ’লেও বৰকৈ অভাৱ বা অসুবিধাৰ সন্মুখীন হ’ব লগা হয়। এই সংসাৰত কেৱল একেজন মানুহকে সৰ্বেসৰ্বা কৰি সৃষ্টিকৰ্তায়ে সৃষ্টি কৰি তোলা নাই । এই সংসাৰত কোনো মানুহে যাতে বাস্তৱ সত্যক আওকাণ কৰি আত্ম অহংকাৰৰ অধিন হৈ দিশ ভ্ৰমিত নহয় তাৰবাবে এনেধৰণৰ সৃষ্টিৰ আঁৰত চাগে সৃষ্টিকৰ্তাৰ একমাত্ৰ উদ্দেশ্য। গতিকে যিবোৰ ভাল ভাল দিশত ইশ্বৰে আমাক সবল বা সক্ষম সম্পন্ন কৰি  এই জগতত জীৱন নিৰ্বাহ কৰিবলৈ পঠিয়াই দিছে আচলতে আমি সেই দিশবোৰৰ প্ৰতিহে সদায় বেছিকৈ মহত্ব প্ৰদান কৰি যাব লাগে।যিবোৰ দিশত আমি যদি অহৰহ প্ৰচেষ্টাৰ অন্ততো নিজে একো পৰিবৰ্তন কৰিবলৈ সম্ভৱপৰ নহয় তেন্তে তেনেধৰণৰ দিশত অধিক মহত্ব প্ৰদান কৰাৰ পৰা সদায় বঞ্চিত থাকাক। কাৰণ তেনেধৰণৰ বিষয়-বস্তুৰ ওপৰত অধিক মহত্ব প্ৰদানৰ ফলত আমাৰ অত্যাধিক ৰূপত মানসিক আৰু শাৰীৰিক কষ্টৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। গতিকে সদায় অসৎ, অসম্ভৱ আৰু অ-পৰিবৰ্তশীল দিশৰ প্ৰতি বেছিকৈ মহত্ব প্ৰদান কৰাতকৈ সদায় বাস্তৱ সত্য আৰু পৰিবৰ্তনশীল দিশবোৰক লৈ বেছিকৈ মহত্ব প্ৰদান কৰি জীৱন নিৰ্বাহ কৰক।