টকাৰ লোভত পৰি মানৱতাক বিক্ৰী নকৰিব – চন্দ্ৰ শেখৰ পৰাজুলী

টকাৰ লোভত পৰি মানৱতাক বিক্ৰী নকৰিব

চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি

আচলতে টকা ভগৱান নহয় কিন্তু টকা ভগৱানতকৈ একেবাৰে কমো নহয়। অৰ্থাৎ বৰ্তমান সময়ত অতি সুচাৰুৰূপে আমাৰ জীৱন অতিবাহিত কৰিবলৈ হ’লে টকাৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি । টকা বুলি ক’লে মুদ্ৰা, কাগজৰ ধন আদিকে ধৰি বিনিময়ৰ যিকোনো প্ৰচলিত মাধ্যম। সময়ৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ মানুহৰ মাজত বিনিময়ৰ বিভিন্ন ধৰণৰ মাধ্যম প্ৰস্তুত হৈ আহিছে। আজিকালি আকৌ ইন্টাৰনেটৰ যুগৰ আৰম্ভণিৰ লগে লগে সকলো বস্তুৱেই ডিজিটেল ৰূপ ধাৰণ কৰিলে। সেয়েহে এতিয়া মানুহে ইন্টাৰনেটৰ মাধ্যমেৰে ডিজিটেল লেন দেন বা ডিজিটেলি বিনিময়ৰ মাধ্যম আৰম্ভ হোৱা দেখা গৈছে । চাওঁক আমাৰ মাজত বিনিময় কৰাৰ মাধ্যম যেনেকুৱা ধৰনৰে নহওঁক কিয় মুঠতে সকলো মানুহেই হাতত অজস্ৰ পৰিমাণৰ টকা , সম্পত্তি সংগ্ৰহ কৰি লবলৈ বিচাৰে নহয়নে? আজিৰ সময়ত মানুহে টকা আৰু ভগৱানক সমপৰ্যায়ৰ বুলি এইকাৰণে উল্লেখ কৰিবলৈ ধৰিলে যে বৰ্তমান সময়ত সমগ্ৰ মানৱ সমাজে আমাৰ মানৱ অস্তিত্বক কাগজৰ টকা,মুদ্ৰা, বা ডিজিটেল মুদ্ৰাৰ লগত সংগতি ৰাখি আমি এইবোৰ বস্তুৰ উপৰত অধিন হৈ পৰিছো। সেয়েহে কিমান সহজেই আমি গোটেই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি কৰ্তা ইশ্বৰ,আল্লা,গড আদিৰ দৰে ঐশ্বৰিক শক্তিবোৰকো আমি আমাৰ হাতেৰে আৰু আমাৰ সুবিধাঅৰ্থে নিৰ্মিত বিনিময় এক সামান্যতম মাধ্যমক ইশ্বৰৰ সমপৰ্যায়ৰ বুলি কবলৈ কুণ্ঠবোধ কৰা নাই। মানুহক বাদ দি শৰীৰত প্ৰাণ থকা কিমান অসংখ্য জীৱ-জন্ত  এই সংসাৰত এতিয়াও বিদ্যামান হৈ আছে নহয়নে? সেয়েহে কেৱল মানুহৰ বাদে এই সংসাৰত জীৱন নিৰ্বাহ কৰিবলৈ অন্যান্য জীৱ জন্তু বোৰক এতিয়ালৈকে কিন্তু টকাৰ প্ৰয়োজন হোৱাগৈ নাই । গতিকে আমি কেৱল মন, মস্তিষ্কত এক ভুল ভ্ৰান্তিৰ সৃষ্টি কৰি থৈছোঁ টকা নহ’লে এই সংসাৰত আমি তিষ্টি থাকিব নোৱাৰিম বুলি। এনেধৰণৰ ভ্ৰান্ত ধাৰণা বা ইমান জটিলতাৰ সৃষ্টিৰ আঁৰত আমি প্ৰত্যকজনে সমানেই দায়ি।চাওঁক সময়ৰ পৰিৱৰ্তনৰ লগে লগে নিজকে পৰিবৰ্তন কৰি লোৱাটো অত্যন্ত আবশ্যক। কিন্তু যিমানেই সময়ৰ পৰিৱৰ্তন নহওঁক কিয় টকাৰ লোভত পৰি মানৱতাক বিক্ৰী নকৰিব কেতিয়াও।কিয়নো টকা হ’ল জীৱন পৰিচালিত কৰাৰ এক মাধ্যম কিন্তু মানৱতা হ’ল আপোনাৰ মানৱ হোৱাৰ এক অস্তিত্ব বা সত্তা। আপুনি নিজ মানৱ অস্তিত্বক যদি টকাৰ লোভত পৰি বিক্ৰী কৰি দিয়ে তেন্তে আপুনি জীয়াই থকাৰ কিনো মূল্য থাকিব। আপুনি ধন সংগ্ৰহ কৰি ৰামৰ দৰে ৰাজ্যৰ কল্পনা কৰক । কাৰণ আজিকালি যিজনে লংকালৈ গৈ পায় সেইয়া দেখোন ৰাৱণৰ দৰে হৈ পৰে। টকাৰ লোভত পৰি মানৱতাক বিক্ৰী কৰি দিয়া সকলে এসময়ত গৈ নিজ জন্ম দিয়া পিতৃ,মাতৃ লগতে নিজ ধৰ্ম পত্নী আৰু নিজ পুত্ৰকো বিক্ৰী কৰিবলৈ কুণ্ঠবোধ নকৰে। সেয়েহে অন্তিমত আকৌ এবাৰ কৈছোঁ টকাৰ লোভত পৰি মানৱতাক বিক্ৰী নকৰিব ।