বিপ্লৱী – মনীষা বৈশ্য

বিপ্লৱী
মনীষা বৈশ্য, নলবাৰী
বিপ্লৱী তুমি
বিপ্লৱ জাগিল
তোমাৰ হৃদয়ত
কিছু নপোৱাৰ বেদনাত ।
তোমাৰ মনে নিবিচাৰে
কোনো দিনে পৰাধীনতা
বিচাৰিছে মাঁথো স্বাধীনতা।
পৰাধীনতাৰ জুইয়ে তোমাক
পুৰি দহি মাৰে সদায়
লাহে লাহে বিপ্লৱৰ
জুইৰ শিখা বাঢ়ি আহিল
জুইৰ ফিৰিঙতি
চিটিকি পৰিল গোটেই জগত।
নিষ্ঠুৰ বাহুবলী শোষক সকলে
খেদি ফুৰিলে তোমাক পিছে পিছে ।
জোৰ জুলুম নিৰ্যাতনেৰে
তোমাক কৰিলে অপদস্ততা
তথাপিও ওৰ পৰা নাই
তোমাৰ বিপ্লৱী সত্বা।
বাধ্য হ’ল শোষক বৃন্দ
সেওঁ মানি শোষণ কাৰিয়ে
তুলি দিলে তোমাৰ হাতত স্বাধীনতা।