মঙ্গলদৈত ৭৭ তম্ স্বাধীনতা দিৱস উদযাপন

মঙ্গলদৈত ৭৭ তম্ স্বাধীনতা দিৱস উদযাপন

মঙ্গলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে আজি দৰং জিলাৰ সদৰ মঙ্গলদৈৰ কাছাৰী ময়দানত ৭৭ তম্ স্বাধীনতা দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ, ভূমি সংৰক্ষণ আৰু বড়োলেণ্ড কল্যাণ বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই। তেখেতে ভাষণত অসম চৰকাৰৰ দ্বাৰা ৰূপায়িত বিকশিত অসমৰ ধাৰা উল্লেখ কৰাৰ লগতে বিভিন্ন দিশত দৰং জিলাৰ উন্নয়নৰ‌ সফলতা প্ৰকাশ কৰে।মুখ্য অতিথিয়ে অসম আৰক্ষী , গৃহৰক্ষী বাহিনী, সশস্ত্ৰ সীমা বল ,দৰং আৰক্ষী বেণ্ডৰ লগতে মঙ্গলদৈ মহাবিদ্যালয় আৰু অন্যান্য শিক্ষা প্ৰতিষ্ঠানৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু স্কাউট এণ্ড গাইডে প্ৰদৰ্শন কৰা কুচ-কাৱাজৰ অভিবাদন গ্ৰহণ কৰে।জিলা খনৰ বাৰেৰহনীয় সাংস্কৃতিক দিশ প্ৰতিফলিত কৰা ওজাপালি,দেওধনী নৃত্য, গোৱালিনী নৃত্য,মহৌখুন্দা পৰিবেশনৰ লগতে জিলা দুৰ্যোগ প্ৰশমন কৰ্তৃপক্ষ আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ অনুসন্ধান, উদ্ধাৰ আৰু প্ৰাথমিক চিকিৎসাৰ নকল অনুশীলন, শিশু বিবাহ প্ৰতিৰোধৰ বাবে বাটৰ নাট, পথ সুৰক্ষাৰ বাবে সজাগতা নাট, দেশপ্ৰেমমূলক নৃত্য আদি পৰিবেশন হয়।মঙ্গলদৈ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ প্ৰাক্তন বিভাগীয় মুৰব্বী, লেখিকা আৰু ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ বিষয়া ড° লীনা শইকীয়া, ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শিক্ষক শশাঙ্ক হাজৰিকা আৰু অঙ্গনাৱাড়ী কৰ্মী জেবিনা জালালকো জিলা প্ৰশাসনে সম্বৰ্ধনা জ্ঞাপন কৰে।মঙ্গলদৈ বিধানসভা সমষ্টিৰ বিধায়ক বসন্ত দাস, ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশী, অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে, জিলা উন্নয়ন আয়ুক্ত পংকজ কুমাৰ ডেকা,আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মানস দাস, মঙ্গলদৈ পৌৰ সভাৰ পৌৰপতি নিৰ্মালী দেৱী শৰ্মা প্ৰমুখ্যে কেবাজনো বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানত ভাগ লয় ।‌ বিশিষ্ট কন্ঠশিল্পী, অনাতাঁৰ কেন্দ্ৰৰ ঘোষক প্ৰাঞ্জল শৰ্মাই আঁত ধৰা অনুষ্ঠানত প্ৰচণ্ড গৰমকো নেওচি জিলাখনৰ বিভিন্ন প্ৰান্তৰ ৰাইজ, স্বাধীনতা সংগ্ৰামী, অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠনৰ প্ৰতিনিধি উপস্হিত থাকি ৭৭ তম্ স্বাধীনতা দিৱসৰ বৰ্ণিল কাৰ্যসূচী নিয়াৰিকৈ উপভোগ কৰে।‌