শাওণ – এমিলী ফুকন

istockphoto

শাওণ

এমিলী ফুকন
শিৱসাগৰ

ন-পানী ফুটি ধৰালৈ নামিছে
বৃষ্টিৰ ৰিমঝিম টোপাল
হাজাৰ কৃষকে কঁকালত টঙালি বান্ধি
সাজু হৈছে সপোনৰ পাহি সিঁচিবলৈ,
বোকা-মাটি চহাই লৈ গুজিছে
মুঠি মুঠি সপোনৰ পোখা
চৌদিশে মাথোঁ শ্যামল শ্যামল
নহ’বনো কিয়?
এইয়া যে কৃষকৰ ৰক্তৰ ছিদ্ৰ কণিকা
কপালৰ ঘাম মাটিত পেলাই
সকলো একাকাৰ কৰি মগ্ন হৈ পৰে
সপোনৰ ঠিকনা বিচাৰি।
জাক জাক শৰালি, শামুকভঙা
বগলী, কণামুচৰী তথা দেওহাঁহৰ কিৰিলিয়েও
আনি দিয়ে অনাবিল প্ৰাপ্তি
হালোৱা-ৰোৱনীয়েও
সুমধুৰ সময়কণ পথাৰতে কটাই
কিয়নো এইয়া যে শাওণ
কৃষকৰ প্ৰাণৰো আপোন।