মাতৃক লাঠীৰে প্ৰহাৰ কৰা, গৰম পানী ঢলা পুত্ৰক আটক আৰক্ষীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মাতৃক অত্যাচাৰ কৰা পুত্ৰক আটক কৰিলে দিছপুৰ আৰক্ষীয়ে। এক ভিডিঅ’ পোহৰলৈ আহিছিল য’ত এজন পুত্ৰই নিজ মাতৃক নিৰ্মমভাৱে অত্যাচাৰ কৰা দেখিবলৈ পোৱা গৈছিল। তাৰপাছতেই আটক হয় সমৰজ্যোতি ভৰালী নামৰ লোকজন। বৃদ্ধা মাতৃৰ ওপৰত চৰম শাৰিৰীক নিৰ্যাতন চলাইছিল এইজন পুত্ৰই। বৃদ্ধা মাতৃক চোতালত ৰছীৰে বান্ধি প্ৰহাৰ কৰে কুলাংগাৰ পুত্ৰই। কেৱল ইমানতেই ক্ষান্ত নাথাকি গৰম পানী ঢালি দিয়ে মাতৃৰ গাত। ভৰিৰে, হাতেৰেও প্ৰহাৰ কৰা দেখা যায় ভিডিঅ’টোত। জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপতে সংঘটিত এই কাণ্ড। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।