তামোলপুৰত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া সভা

তামোলপুৰত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া সভা

ৰঙিলী বাৰ্ত্তাসেৱা-  বিজেপি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাৰ সভাপতিত্বত তামোলপুৰত ৰাজ্যিক বিজেপিৰ আগষ্ট মাহৰ বিষয়ববীয়া সভা অনুষ্ঠিত হৈ যায়। দলৰ নৱ নিযুক্ত সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্ৰসাদ তাছা, অসমৰ সহ প্ৰভাৰী পৱন শৰ্মাৰ লগতে দলৰ সাধাৰণ সম্পাদকত্ৰয়, উপ সভাপতি, সম্পাদক,মৰ্চাৰ সভাপতি সকল উপস্থিত থাকে। সংবাদ মাধ্যমক সম্বোধন কৰি ভৱেশ কলিতাই কয়, দলৰ সাংগঠনিক শক্তি সক্ৰিয়তাৰ বাবে প্ৰতিমাহে ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া সভা অনুষ্ঠিত হৈ আহিছে। আজিৰ সভাত দলৰ আগন্তুক কাৰ্যসূচী বিশেষকৈ লোকসভা বিস্তাৰক যোজনা, হৰ ঘৰ তিৰংগা কাৰ্যক্ৰম, দেশ বিভাজন দিৱস সম্পৰ্কত আলোচনা হৈ যায়। আনহাতে কলিয়াবৰ, নগাঁও আৰু বৰপেটা লোকসভাৰ বিজেপিয়ে নিজৰ দখললৈ আনিবলৈ সুকীয়া ৰণনীতি তৈয়াৰ কৰিব বুলি কলিতাই সদৰী কৰে।