কেৰালাৰ নিৰ্মাণ শ্ৰমিকতকৈও কম টকাত কটন বিশ্ববিদ্যালয়ত শিক্ষক নিযুক্তিৰ প্ৰস্তুতি

কেৰালাৰ নিৰ্মাণ শ্ৰমিকতকৈও কম টকাত কটন বিশ্ববিদ্যালয়ত শিক্ষক নিযুক্তিৰ প্ৰস্তুতি

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে শিক্ষা খণ্ডৰ উন্নয়নৰ যি ঢাক ঢোল বজাই আহিছে, তাৰ সম্পূর্ণ বিপৰীত ছবি এখন প্ৰকাশ পালে কটন বিশ্ববিদ্যালয়ৰ শেহতীয়া ৭০০ টকীয়া শিক্ষক নিযুক্তি সম্পৰ্কীয় বিজ্ঞাপনটোত। শিক্ষা বিভাগৰ দীনতা এয়ে যে নেট-শ্লেট প্ৰাপ্ত এজন উচ্চ শিক্ষিত যুৱকৰ অৰ্থনৈতিক প্রাপ্য এজন শ্ৰমিকৰ সৈতে একেই – এই অভিযোগ শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চ, অসমৰ। ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ দৰে শিক্ষানুষ্ঠানত মাহেকত মাত্ৰ ১৯৬০০ টকা মাননি দি অংশকালীন প্ৰৱক্তা ( Guest Faculty) নিযুক্তি দিয়াৰ দৰে দুৰ্ভাগ্যজনক ঘটনা অসমত সংঘটিত হ’বলৈ লৈছে ৷ যিসময়ত ইউ জি চি ৰ নিয়ম অনুসৰি অংশকালীন প্ৰবক্তাক প্ৰত্যেকটো শ্ৰেণীৰ বিনিময়ত ১৫০০ টকাৰ দিয়াৰ কথা কৈছে ( মাহত ৫০০০০) , সেই সময়ত অসম চৰকাৰ আৰু কটন প্ৰশাসনৰ এইটো কি সিদ্ধান্ত?উল্লেযোগ্য যে অসমৰ শ্ৰমিক সংগঠনসমূহে শ্ৰমিকসকলৰ ন্যূনতম ৰাজ্যিক পৰ্যায়ত ২১,০০০ টকা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ২৬,০০০ টকা দাবী কৰাৰ সময়ত কটন বিশ্ববিদ্যালয়ত ৭০০ টকা হাজিৰাৰে ডক্টৰেট ডিগ্ৰীধাৰী যুৱক – যুৱতীক নিয়োগ কৰিব বিচাৰিছে।এই প্ৰসংগত এক সংবাদ মেল সম্বোধন কৰি মঞ্চৰ তৰফৰ পৰা কয় যে- ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ প্ৰয়োগেৰে অসম চৰকাৰে তথাকথিত বিশ্বমানৰ শিক্ষাৰ কথা ক’বলৈ বিচাৰিছে আৰু আনফালে শ্ৰমিকৰ হাজিৰাতকৈও ন্যুনতম মাননিৰে নেট-শ্লেট উত্তীৰ্ণ একোজন উচ্চশিক্ষিত যুৱকক নিয়োগ কৰিব বিচাৰিছে । এইয়া কেৱল আৰম্ভণিহে। অসম চৰকাৰে পৰিকল্পিতভাৱে শিক্ষাৰ নামত প্ৰত্যেক বছৰৰ বাজেট কৰ্তন কৰি ৰাজহুৱা শিক্ষা ধ্বংস কৰিব বিচাৰিছে ৷ বিজেপি চৰকাৰৰ দিনত এই কাম অতি ক্ষিপ্ৰতাৰে সম্পন্ন হৈছে ৷ এফালে মহাবিদ্যালয়সমূহ কোনো পৰিকল্পনা অবিহনে বিশ্ববিদ্যালয় কৰিছে, আনফালে যোৱাবছৰতকৈ এইবাৰ শিক্ষা বাজেটত অসম চৰকাৰে ৫০০ কৌটি টকা হ্ৰাস কৰিছে। ইয়াৰে ফলস্বৰূপে ৰাজহুৱা শিক্ষাখণ্ডৰ অনুষ্ঠান-প্ৰতিষ্ঠানবিলাকত ছাত্ৰ-ছাত্ৰীয়ে পৰ্যাপ্ত আন্তঃগাঁথনিৰ অবিহনে, পৰ্যাপ্ত শিক্ষক অবিহনে, পৰ্যাপ্ত সুবিধাৰ অবিহনে শিক্ষাগ্ৰহণ কৰিবলগীয়া হৈছে ৷ পৰ্যাপ্ত আন্তঃগাঁথনি, শিক্ষক, অসমৰ মানুহৰ সামাজিক-অৰ্থনৈতিক অৱস্থাৰ অধ্যয়ন অবিহনে চাৰিবছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম ৰাষ্ট্ৰীয় শিক্ষানীতিৰ জৰিয়তে জাপি দিব বিচাৰিছে ৷ অসমৰ অৰ্থনৈতিক প্ৰেক্ষাপটত তিনিবছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম সম্পূৰ্ণ কৰিবলৈ আৰ্থিকভাৱে ছাত্ৰ-ছাত্ৰীসকল বিমোৰত পৰে, তেনেস্থলত চাৰিবছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম কেনেকৈ সম্ভৱ ! ই নিশ্চিতভাৱে আধাতে ক’লেজ এৰা ( ড্ৰপ আউট ) ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰিব। ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ নামত স্কুলবোৰো বন্ধ কৰাৰ প্ৰতিযোগিতা চলিছে অসমত। কেৱলআটাইতকৈ ভয়ংকৰ কথাটো হ’ল চৰকাৰী হেঁচাত মাত্ৰ এমাহ সময় লৈ বিশ্ববিদ্যালয়সমূহে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত পাঠ্যক্ৰম প্ৰস্তুত কৰিবলগা হৈছে ৷ চাৰিবছৰীয়া ডিগ্ৰী পাঠ্যক্ৰমৰ প্ৰস্তুতি মাত্ৰ এমাহত ! এয়া সম্ভৱ জানো ?
২০২১ চনৰ কেবিনেটৰ উত্তৰ অনুসৰি শিক্ষাবিভাগত ৫০, ৪৬৫ টা পদ খালী আছে ৷ বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়তেই ১০০ টাৰ বেছি পদ খালি আছে ৷ কটন বিশ্ববিদ্যালয়ত ১৯২ টা শিক্ষকৰ পদ খালি আছে ৷ ইমানবোৰ খালি পদেৰে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত প্ৰস্তুত কৰা বিয়াগোম পাঠ্যক্ৰমৰ শিক্ষা কেনেকৈ দিয়া হ’ব ? কেৱল জাপি দিব লাগে বুলিয়েই, কেন্দ্ৰীয় চৰকাৰক সন্তুষ্ট কৰিব লাগে বুলিয়েই , নাগপুৰক সন্তুষ্ট কৰিব লাগে বুলিয়েই অসমত ৰাষ্ট্ৰীয় শিক্ষানীতি জাপি দিয়া হ’ল ৷ যাৰ সম্পূৰ্ণ কু-পৰিণাম ভোগ কৰিব লাগিব মধ্যবিত্ত, নিম্ন মধ্যবিত্ত পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে ৷ অসম চৰকাৰে ৰাতিপুৱা ৯:০০ বজাৰ পৰা সন্ধিয়া ৫:০০ বজালৈ শিক্ষক-শিক্ষয়িত্ৰীসকলক শ্ৰেণীকোঠাত উপস্থিত থকাৰ নিৰ্দেশ দিছে ৷ অথচ অসমৰ বহু মহাবিদ্যালয়ত ব্যৱহাৰযোগ্য অনাময় ব্যৱস্থা নাই, কেন্টিনৰ ব্যৱস্থা নাই ৷ পৰ্যাপ্ত যাতায়ত ব্যৱস্থা, দূৰত্ব সংক্ৰান্তীয় অসুবিধাৰ কাৰণে বহু ছাত্ৰ-ছাত্ৰীয়েও শ্ৰেণীকোঠাত পুৱা ৯:০০ বজাত উপস্থিত হ’বলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব ৷ ইয়াৰ ওপৰঞ্চিভাৱে ভূতৰ ওপৰত দানহ পৰাদি হোষ্টেল আৰু পেয়িং গেষ্ট ব্যৱস্থাৰ ওপৰত ১২% জি এছ টি লগাবলৈ চৰকাৰে সিদ্ধান্ত লৈছে৷ এফালে ৰাতিপুৱা ৯ বজাত পাঠদান, আনফালে হোষ্টেলত জি এছ টি। সাধাৰণ ছাত্র ছাত্রীৰ কাৰণে যেন শত্রু হৈ পৰিছে এই চৰকাৰখন। সেয়েহে বিজেপি চৰকাৰৰ সাধাৰণ ছাত্র ছাত্রীৰ শৈক্ষিক জীৱনৰ বিৰোধী আটাইবোৰ কামক বিৰোধিতা কৰিবলৈ সংশ্লিষ্ট সকলো পক্ষলৈ আহ্বান জনাইছে। আজি সংবাদ মেলত শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চৰ হৈ সুব্রত তালুকদাৰ, সংগীতা দাস, ৰিতুৰঞ্জন দাস আৰু কৃষ্ণ গগৈ উপস্থিত থাকে। উল্লেখনীয় যে দেশৰ ভিতৰতে য়কেৰালাত নিৰ্মাণ শ্ৰমিকে সৰ্বোচ্চ ৮৩৭ টকা দৈনিক মজুৰি লাভ কৰে, সেই হিচাপত অসম বিশ্ববিদ্যালয় শিক্ষকে কম মজুৰি অৰ্থাৎ মাত্ৰ ৭০০ টকা লাভ কৰিব।
বিশ্ববিদ্যালয়খনৰ এই আজব সিদ্ধান্তই ৰাজ্যখনৰ ধাবাংবাং অৰ্থনৈতি অৱস্থাকেই স্পষ্ট কৰিছে। এনে আজব সিদ্ধান্তই ৰাজ্যখনৰ চৰকাৰী শিক্ষা ব্যৱস্থাক ধ্বংস কৰাৰ লগতে ব্যক্তিগত বিশ্ববিদ্যালয়ৰ বাবে ব্যৱসায়ৰ পথ মুকলি কৰি দিব।