কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈ সকাহ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈ সকাহ

ৰঙিলী বাৰ্ত্তাসেৱা- কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈ সকাহ। সাংসদ পদ ঘূৰাই পালে কংগ্ৰেছ নেতাগৰাকীয়ে। উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী শুনানি পৰ্যন্ত সাংসদ পদ বাহাল থাকিব ৰাহুল গান্ধীৰ।  এই ৰায়দান কৰে ন্যায়ালয়ে। গুজৰাট উচ্চ ন্যায়ালয়ে দিয়া ৰায়দানত স্থগিতাদেশ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ।মোডী উপাধিৰ বিবাদত ২ বছৰৰ কাৰাদণ্ড দিছিল ছুৰাট আদালতে। পৰৱৰ্তী সময়ত সেই ৰায়লৈ উচ্চ ন্যায়ালয়ৰ আৰু পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল নেতাগৰাকী। ন্যায়াধীশ বি আৰ গৱাই, ন্যায়াধীশ পি এছ নৰছিমহা আৰু ন্যায়াধীশ সঞ্জয় কুমাৰৰ বিচাৰপীঠে এই গোচৰৰ শুনানি গ্ৰহণ কৰে। ন্যায়ালয়ৰ এই সিদ্ধান্তৰ ফলত এতিয়া ৰাহুল গান্ধীয়ে সাংসদ পদ ওভতাই পোৱাৰ পথ প্ৰশস্ত হ’ল। নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব বুলি আশা কৰা হৈছে। ন্যায়ালয়ৰ সিদ্ধান্তৰ পিছতে এতিয়া কংগ্ৰেছ শিবিৰত দেখা গৈছে আনন্দৰ লহৰ।