কছাৰীহাট শাখা সাহিত্য সভাৰ উদ্যোগত দুবৰিৰ দলিচাত শেৱালী শীৰ্ষক অভিনন্দন গ্রন্থ উন্মোচন, কৃতী শিক্ষক,লেখক ৰেৱকান্ত শ‍ইকীয়াক সম্বৰ্ধনা

কছাৰীহাট শাখা সাহিত্য সভাৰ উদ্যোগত দুবৰিৰ দলিচাত শেৱালী শীৰ্ষক অভিনন্দন গ্রন্থ উন্মোচন, কৃতী শিক্ষক,লেখক ৰেৱকান্ত শ‍ইকীয়াক সম্বৰ্ধনা

ৰূপাংক বৰুৱা, গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা-  কালি ইং-৩০/৭/২০২৩ তাৰিখ দেওবাৰে বিয়লি ১-৩০ বজাৰ পৰা কছাৰীহাট শাখা সাহিত্য সভাই কছাৰীহাট বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা , কছাৰীহাটৰ বিশিষ্ট ব্যক্তি, শিক্ষাবিদ , সমাজকৰ্মী ,সংগঠক শ্ৰদ্ধাৰ শ্ৰীযুক্ত ৰেৱকান্ত শইকীয়া দেৱক অভিনন্দন, আৰু জিতেন ৰাজখোৱাই সম্পাদনা কৰা ‘দুবৰিৰ দলিচাত শেৱালি’ নামৰ অভিনন্দন গ্ৰন্থৰ উন্মোচন অনুষ্ঠান ৷ শ্ৰী উমা বৰাই সঞ্চালনা কৰা আৰু কছাৰীহাট শাখা সাহিত্য সভাৰ সম্পাদক মৃগাংক বৰুৱাই আঁতধৰা সভাখন বালিকা বিদ্যালয়ৰ ছাত্ৰী সকলে পৰিবেশন কৰা ‘চিৰ চেনেহী মোৰ ভাষা জননী ‘ গীতেৰে আৰম্ভ কাা হয় ৷ অভিনন্দন গ্ৰন্থখন এটা সুন্দৰ সাৰুৱা বক্তব্যৰে উন্মোচন কৰে গোলাঘাটৰ বিশিষ্ট সমাজকৰ্মী নিবন্ধকাৰ শ্ৰী অজিত বৰুৱাই ৷ সৰ্বশ্ৰী ক্ষীৰোদ কুমাৰ গোস্বামী , বন্তি বৰা , পূৰঞ্জয় গোস্বামী , সুৰেন্দ্ৰ মোহন হাজৰিকা , পলাশ জ্যোতি দত্ত আদি ভালে কেইজন গুণমুগ্ধই দুআষাৰকৈ কয় ৷ শ্ৰী যুত ৰেৱকান্ত শইকীয়াৰ প্ৰতি থকা শ্ৰদ্ধা , মৰম ভালপোৱাৰ বাবেই প্ৰায় দুশ শুভানুধ্যায়ীৰ উপস্থিতিয়ে সভাখন সফল কৰি তোলাৰ লগতে শাখাকো উৎসাহিত কৰে ৷ শাখাৰ সভাপতি দেৱ প্ৰসাদ বৰাই সকলোকে কৃতজ্ঞতা জনোৱাৰ লগতে , শলাগৰ শৰাই আগবঢ়াই ধন্যবাদ জ্ঞাপন কৰে ৷