অধিশ্ৰী ডেভলপমেন্ট চছাইটিৰ উদ্যোগত ৰক্তদান শিবিৰ তথা সজাগতা সভা সম্পন্ন
চেনিকুঠি, ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ৩০ জুলাই তাৰিখ দেওবাৰে অধিশ্ৰী ডেভেলপমেণ্ট চছাইটিৰ উদ্যোগত গড়ল দুৰ্গা মন্দিৰ ভৱনত ৰক্তদান শিবিৰ আৰু ৰক্তদান সম্পৰ্কীয় সজাগতা সভা এখন অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত গড়ল তথা নিকটৱৰ্তী অঞ্চলৰ ৪৭ জন ৰক্তদাতাই ৰক্তদান কৰে। লগতে ৰক্তদান সম্পৰ্কীয় সজাগতা সভাত অঞ্চলটোৰ প্ৰায় ২০০ জনসাধাৰণে অংশগ্ৰহণ কৰে। উক্ত সভাখন গড়ল তালুকৰ সভাপতি শ্ৰীযুত অখিল বৈশ্যৰ নেতৃত্বত অনুষ্ঠিত কৰা হয়। সভাখনত উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী তথা অসম খনিজ নিগম লিমিটেডৰ উপাধ্যক্ষ শ্ৰীযুত অশোক ভৰালী দেৱ, গুৱাহাটী চিকিৎসা মহাবিদ্যায়লৰ ড: ঈশানী বৰুৱাৰ লগতে গড়ল তালুকৰ সাধাৰণ সম্পাদক শ্ৰীযুত বিজয় কুমাৰ বৰুৱাদেৱ। এই ছেগতে অধিশ্ৰী ডেভেলপমেণ্ট চছাইটিৰ ফালৰ পৰা সমূহ ৰক্তদাতালৈ ধন্যবাদ জ্ঞাপন আৰু একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়। অধিশ্ৰীৰ সভাপতি দিশান ভাগৱতী, সম্পাদক নীলমণি দাস, সদস্য মিলন দাস, অনুজ দাস, নয়নজ্যোতি দাস, পুলকেশ ভৰালী, লাচিত দাস, নৱজ্যোতি বৰুৱাই ৰক্তদান কৰে।