শিৱসাগৰৰত ৰামৰাজা সিংহ স্মাৰক বক্তৃতানুষ্ঠান সম্পন্ন

শিৱসাগৰৰত ৰামৰাজা সিংহ স্মাৰক বক্তৃতানুষ্ঠান সম্পন্ন

এম হাছিম আলী,শিৱসাগৰ,ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ২৭ জুলাই তাৰিখে ৰংপুৰ সাহিত্য সভা আৰু ৰামৰাজা সিংহদেৱৰ পৰিয়ালৰ সহযোগত ৰামৰাজা সিংহ স্মাৰক বক্তৃতানুষ্ঠানটি শিৱসাগৰৰ স্থানীয় “ৰংপুৰ জ্যোতি ক্লাবত” বুজনসংখ্যক সাহিত্যপ্ৰেমী তথা প্ৰয়াত সিংহদেৱৰ গুণমুগ্ধৰ উপস্থিতিত অনুষ্ঠিত হৈ যায়। ৰংপুৰ সাহিত্য সভাৰ সভাপতি হেম বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানটিৰ আৰম্ভণিতে ‘চিৰ চেনেহী মোৰ ভাষা জননী গীতটি ‘পৰিৱেশন কৰে ৰংপুৰ সাহিত্য সভাৰ সদস্যাসকলে। শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি সাহিত্যিক ড০নিৰুপমা মহন্তই প্ৰয়াত ৰামৰাজা সিংহদেৱৰ প্ৰতিচ্ছবিৰ সন্মূখত বন্তি প্ৰজ্জ্বলন কৰি “শিৱসাগৰ প্ৰাণ” ব্যক্তিগৰাকীৰ সোঁৱৰণত দুআষাৰ বক্তব্য আগবঢ়ায়। ৰংপুৰ সাহিত্য সভাৰ সম্পাদিকা জেউতি বৰা ভূঞাই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটি উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক খগেন্দ্ৰনাথ ভূঞাই। শিৱসাগৰ শব্দটিৰ ইংৰাজী বানান SIVASAGAR হ’ব লাগে বুলি সিংহদেৱে অশেষ চেষ্টা কৰিছিল আৰু তেখেত সফলকাম হোৱাৰ বিষয়ে উদ্বোধক গৰাকীয়ে কয় আৰু মানৱ-প্ৰেমী ব্যক্তিগৰাকীৰ সান্নিধ্যৰ কথা সোঁৱৰে। মঞ্চত উপবিষ্ট দুগৰকী বিশিষ্ট ব্যক্তি ,যথাক্ৰমে শিৱসাগৰৰ সমাজ জীৱনত সকলোৰ পৰিচিত, প্ৰাক্তন অধ্যাপিকা মনিকা শইকীয়া আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন প্ৰাধ্যাপক তথা সিংহদেৱৰ জোঁ‌ৱাই ড০কমলেশ্বৰ দত্তই ব্যক্তিত্ব সম্পৰ্কত বক্তব্য আগবঢ়ায়। মূলবক্তা তথা অসমৰ এগৰাকী প্ৰথিতযশা কবি প্ৰেম গগৈয়ে বক্তৃতাৰ আৰম্ভণিতে চুবুৰীয়া হিচাপে তাহানিতে পোৱা তেওঁৰ পিতৃতুল্য ব্যক্তিগৰকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে। ৰামৰাজা সিংহৰ প্ৰসংগ উল্লেখ নকৰাকৈ শিৱসাগৰৰ ইতিহাস লিখিব নোৱাৰি বুলি গগৈয়ে কয় । নিৰ্দিষ্ট বিষয়ৰ বক্তৃতাটিত কবি প্ৰেম গগৈয়ে অসমীয়া কবিতাৰ ইতিহাস,সাম্প্ৰতিক সময়ৰ কবিতাসমূহৰ বৈশিষ্ট্য সম্পৰ্কে বহলাই ব্যাখ্যা কৰে। কবিতাৰ আৰম্ভণিৰ কথা কওঁতে আদিকবি বাল্মিকীৰ প্ৰসংগ উল্লেখ কৰে। প্ৰয়াত সিংহদেৱৰ সান্নিধ্যৰ কথা সোঁৱৰি বোৱাৰী তথা প্ৰাক্তন পৌৰপতি মৃদুস্মিতা সিংহই দুআষাৰ কোৱাৰ লগতে সিংদেৱ ৰচিত মই কোন শিৰোনামৰ কবিতা এটি আবৃত্তি কৰে। সমজুৱাৰ তৰফৰ পৰা বক্তব্য আগবঢ়াই বিশিষ্ট লেখক ,সাংবাদিক মনোজ বৰঠাকুৰ, শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদক সন্তোষ দত্ত, সাংবাদিক তপন শৰ্মা প্ৰমুখ্যে ব্যক্তিসকলে সিংহদেৱৰ জীয়াৰী কানৈ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা ড০ভাৰতী দত্তই পিতৃৰ জীৱন পৰিক্ৰমা সামৰি লিখা স্বৰচিত এটি কবিতা পাঠ কৰে। এই অনুষ্ঠানতে নিবেদিতা ভাগৱতী, দেৱযানী মহন্তই কবিতা পাঠ কৰে। শলাগৰ শৰাই আগবঢ়াওঁ‌তে ড০ ভাৰতী দত্তই ২০০৯ চনৰ পৰা ৰংপুৰ সাহিত্য সভাই পৰিয়ালৰ সহযোগত নিৰৱচ্ছিন্নভাৱে এই অনুষ্ঠানটি অনুষ্ঠিত কৰি অহাত গভীৰভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে। সভাত ৰংপুৰ সাহিত্য সভাৰ ন-পুৰণি বিষয়ববীয়া, সদস্যসকলৰ উপৰিও অনেক গণ্য-মাণ্য ব্যক্তি উপস্থিত আছিল। সভাত সিংহদেৱৰ সৰু পুত্ৰ বিশিষ্ট ব্যৱসায়ী সুনিল কুমাৰ সিংহ আৰু নাতি সঞ্জীৱো উপস্থিত থাকে।