দৰং আৰক্ষীৰ বৃহৎ সফলতা, ধূলাত ড্ৰাগছ বেপাৰী কৰায়ত্ত
মঙ্গলদৈ, কিশোৰ কুমাৰ শৰ্মা, ৰঙিলী বাৰ্ত্তাসেৱা- আৰক্ষী প্ৰশাসন যিমানেই কঠোৰ হৈছে ড্ৰাগছ মাফিয়া তথা ব্যৱসায়ীয়ে লৈছে নিত্য নতুন কৌশল। প্ৰাপ্ত তথ্য অনুসৰি বিশেষ সূত্ৰৰ পম খেদি যোৱাকালি দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) আৰু উপ আৰক্ষী অধীক্ষক (সদৰ)ৰ নেতৃত্বত দৰং আৰক্ষীয়ে চলোৱা অভিযানত ধুলা আৰক্ষী থানাৰ অন্তৰ্গত ১০ নং ভেৰভেৰী ঝাৰৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী মোবাৰক আলিক নিজ বাসগৃহৰ পৰা কৰায়ত্ত কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী জনৰ পৰা ১৩২ টা ড্ৰাগছ কন্টেইনাৰ, ২টা চাবোনৰ বাহত ৰখা ৩২.২ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন, নগদ সাত লাখ তেত্ৰিশ হাজাৰ সাতশ টকা আৰু এটা ডিজিটেল ওজন মেচিন উদ্বাৰ কৰে বুলি দৰং আৰক্ষীয়ে প্ৰকাশ কৰিছে।