ডিব্ৰুগড় নাগৰিক মঞ্চৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

ডিব্ৰুগড় নাগৰিক মঞ্চৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

এম হাছিম আলী, ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড় নাগৰিক মঞ্চৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভাখনি  (২৯/৭/২৩)স্থানীয় তাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰত মঞ্চৰ সভাপতি ড০ভাৰতী দত্তৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায়।সম্পাদক দূৰ্লভ গগৈয়ে প্ৰতিবেদনত বিগত বছৰৰ কাৰ্যাৱলীৰ বিৱৰণৰ কেইটিমান গুৰুত্বপূৰ্ণ বিষয় প্ৰতিফলিত হয়। ডিব্ৰুগড়ৰ উপায়ুক্তক চহৰখনিৰ সৌন্দৰ্যবৰ্ধন আৰু যানযঁ‌টৰ সমস্যাৰ সমাধানৰ অৰ্থে আগবঢোৱা পৰামৰ্শৰ কেইবাটাই পৰামৰ্শ কাৰ্যকৰী কৰাত সভাই সন্তোষ প্ৰকাশ কৰে । লগতে পদপথ মুকলি,উৰণীয়া সেঁতু আদি বিষয়তো ধনাত্মক সঁ‌হাৰি লাভ কৰে।মহীয়সী জয়মতীৰ প্ৰতিমূৰ্তি থকা উদ্যানখনিৰ সৌন্দৰ্যবৰ্ধন প্ৰক্ৰিয়া প্ৰশাসনে সম্পূৰ্ণ কৰাটো মঞ্চৰ সফলতা নিহিত হৈ আছে। সাংগঠনিক স্থিতি শক্তিশালী কৰাত মঞ্চত গুৰুত্ব প্ৰদান কৰা হয়।অহা ১৯ আগষ্টত বছৰেকীয়া সাধাৰণ সভাখনি অনুষ্ঠিত হ’ব। সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় সহকাৰী সম্পাদক দিগন্ত ফুকনে।