মৈৰাবাৰীত সূদৰ টকাক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাৰপিট

মৈৰাবাৰীত সূদৰ টকাক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাৰপিট

মৈৰাবাৰী,ৰঙিলী বাৰ্ত্তাসেৱা- মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ গৰিয়াবড়ি গাঁৱত সূদৰ এক লাখ টকাক কেন্দ্ৰ কৰি ভয়ংকৰ মাৰপিটৰ ঘটনা সংগঠিত হয়। ঘটনাত শিশু,মহিলা সহ ১৩ গৰাকী লোক আহত হয়। অভিযোগ কাৰীৰ ভাষ্য অনুসৰি গৰীয়াবৰী গাঁৱৰ আফজাৰুল হক নামৰ ব্যক্তি এজনৰ পৰা চাৰি মাহ পূৰ্বে বইলাৰ মুৰ্গীৰ ফাৰ্ম খুলিবৰ বাবে এক লাখ টকা সুদত লৈছিল। আৰু সেই টকা সময় মতে ঘূৰাই দিব নোৱাৰাত আফজৰুল হকৰ পৰিয়ালৰ লোক আৰু ধাৰ লোৱা এমৰান হুছেইনৰ পৰিয়ালৰ মাজত এক ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হয়। মাৰপিটত গুৰুতৰ বাবে আহত সকলক মৈৰাবাৰী হস্পিতালত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে।আনহাতে দুয়োটা পক্ষই মৈৰাবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে মৈৰাবাৰী থানাৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। এতিয়া প্ৰশ্ন হয় সূদত টকা দিয়া দিয়া লোক সকলৰ দাদা গিৰি বন্ধ কৰিব পাৰিব নে চৰকাৰ তথা প্ৰশাসনে ।নে এনেকৈয়ে নিৰিহ লোক সকল সূতখুৰৰ জলা যন্ত্ৰণা হৈয্য কৰিব লাগিব ।