গোলাঘাটৰ ‘ট্ৰিপল মাৰ্ডাৰ’ৰ কাষত লুৰীণজ্যোতি গগৈ
ৰঙিলী বাৰ্ত্তাসেৱা- গোলাঘাটৰ ‘ট্ৰিপল মাৰ্ডাৰ’ৰ ঘটনাৰ আক্ৰান্ত পৰিয়ালৰ কাষত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ৷ গগৈয়ে দলীয় সতীৰ্থসকলৰ সৈতে পৰিয়ালটোৰ একমাত্ৰ জীৱিত সদস্যা অংকিতা ঘোষক সাক্ষাৎ কৰি বাৰ্তালাপ কৰে আৰু দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী কৰে৷