২০২২ চনত অসমত অপৰাধজনিত ঘটনা ৫০ শতাংশ হ্রাসঃ মুখ্যমন্ত্ৰী

২০২২ চনত অসমত অপৰাধজনিত ঘটনা ৫০ শতাংশ হ্রাসঃ মুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা-  বঙাইগাঁৱত অনুষ্ঠিত চতুর্থ আৰক্ষী অধীক্ষক সন্মিলনত দুদিনীয়াকৈ ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি পর্যালোচনাৰ অন্তত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ক্রমাগতভাৱে পূৰ্বৰ তুলনাত ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি উন্নত হৈছে। তেওঁ লগতে কয় যে ২০২১ চনৰ তুলনাত ২০২২ চনত অসমত অপৰাধজনিত ঘটনা ৫০ শতাংশ হ্রাস পোৱাই নহয়, শিশু আৰু মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধো কমি আহিছে। ২০২২ চনত নেচনেল ক্রাইম ৰেকৰ্ড ব্যুৰ’ৰ প্ৰতিবেদনত প্ৰকাশ পালে সেয়া স্পষ্ট হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে ২০২১ চনৰ তুলনাত অসমত অপৰাধীৰ সংখ্যা বহুগুণে হ্ৰাস পাইছে। আৰক্ষী অধীক্ষক সন্মিলনৰ অন্তত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে গোচৰ পঞ্জীয়ন, অভিযোগনামা দাখিল আৰু আদালতত অপৰাধীক দোষী সাব্যস্ত কৰা এই তিনি প্রক্রিয়াত অসম আৰক্ষী এতিয়া যথেষ্ট আগুৱাই গৈছে। বিশেষকৈ অভিযুক্তক দোষী সাব্যস্ত কৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে লোৱা ব্যৱস্থাৰ বাবে আদালতত দোষী সাব্যস্তকৰণ ৫.৬ শতাংশৰ পৰা ১৪ শতাংশলৈ বৃদ্ধি হৈছে। ২০২৪ চনত ২০ শতাংশলৈ আৰু ২০২৬ চনলৈ এই হাৰ ৫০ শতাংশলৈ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হ’ব। ইপিনে অহা বৰ্ষৰ এপ্রিল মাহৰ ভিতৰত অসম আৰক্ষীত থকা সকলো খালী পদ পূৰণ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই ইয়াৰ বাবে আৰক্ষীৰ পদোন্নতিসমূহ সম্পূৰ্ণ কৰাৰ কথাও জানিবলৈ দিয়ে। আনহাতে চতুৰ্থ আৰক্ষী অধীক্ষক সন্মিলনত মূল্য পর্যালোচনাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসম আৰক্ষী অধিক ক্ষিপ্ৰ তথা শক্তিশালী কৰাৰ লক্ষ্যৰে আৰক্ষী চকী আৰু পেট্ৰ’ল পোষ্টসমূহ বিলুপ্ত কৰা হ’ব। অর্থাৎ এতিয়াৰে পৰা আৰক্ষী চকীসমূহ আৰক্ষী থানালৈ ৰূপান্তৰিত কৰা হ’ব। মুঠ ২৫০খন আৰক্ষী চকী আৰক্ষী থানালৈ ৰূপান্তৰ কৰা হ’ব। ইয়াৰ ফলত ৰাজ্যত আৰক্ষী থানাৰ সংখ্যা ৬০০খনলৈ বৃদ্ধি হ’ব। সন্মিলনত অসম আৰক্ষীৰ প্ৰতিটো শাখা অথবা সংস্থাক একেটা ছাতিৰ তললৈ অনাৰ বাবে এক সিদ্ধান্ত গ্ৰহণ কৰাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে হোমগার্ড-চিভিল ডিফেন্সক আৰক্ষী সঞ্চালকপ্ৰধানৰ অধীনলৈ অনা হ’ব। মুখ্যতঃ হোমগাৰ্ডক আৰক্ষীৰ নিয়ন্ত্ৰণলৈ অনাৰ লক্ষ্যৰে হোমগার্ডৰ বাবে এজন বিশেষ আৰক্ষী সঞ্চালক নিযুক্তি দিয়া হ’ব। একেদৰে অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখা চমুকৈ বিইআইঅ’ক টাস্ক ফ’ৰ্চলৈ ৰূপান্তৰিত কৰা হ’ব। মুখ্যতঃ অসম আৰক্ষীক এটা সংহত পৰিয়াললৈ ৰূপান্তৰ কৰাৰ প্ৰয়াস চলোৱা হ’ব। গুৱাহাটী মহানগৰীৰ আৰক্ষী ব্যৱস্থা সন্দৰ্ভতো তেওঁ কয় যে গুৱাহাটীৰ ৪খন আৰক্ষী জিলাৰ পৰা ৫খনলৈ বৃদ্ধি কৰা হ’ব আৰু ১৯খন আৰক্ষী থানাৰ পৰা ৩৪খন আৰক্ষী থানালৈ বৃদ্ধি কৰা হ’ব।