দিছপুৰ কবি সন্মিলনৰ কাব্যপাঠ অনুষ্ঠান সম্পন্ন

দিছপুৰ কবি সন্মিলনৰ কাব্যপাঠ অনুষ্ঠান সম্পন্ন

ৰঙিলী বাৰ্ত্তাসেৱা-  দিছপুৰ কবি সন্মিলনৰ এখনি কাব্য পাঠ অনুষ্ঠান ১৬ জুলাইত অনুষ্ঠিত হয়। বিশিষ্ট লেখিকা পূৰবী বৰাই সভাপতিত্ব কৰা অনুষ্ঠানটোত কবি সকলৰ পঠিত কবিতাসমূহ ৰসাল ভাষাৰে ড° কিশোৰ মোহন ভটাচাৰ্য্যই পৰ্যালোচনা কৰে। দিছপুৰ কবি সন্মিলনৰ সম্পাদিকা প্ৰণামিকা শৰ্মাই মনোগ্ৰাহীকৈ অনুষ্ঠানটিৰ উদেশ্য ব্যাখ্যা কৰে। অনুষ্ঠানত উপস্থিত থাকি সময় উপযোগী বক্তব্য আগবঢ়াই ক্ৰমে আবু চুফিয়ান, মৌচুম বুঢ়াগোহাঁই, প্ৰভাত বৰদলৈ আদিয়ে। সামূহিকভাৱে কব্যমন্ত্ৰৰে অনুষ্ঠান সমাপন হয়।