ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিমান ৰয়ক অসম আৰক্ষীৰ পৰা বৰ্খাস্ত

ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিমান ৰয়ক অসম আৰক্ষীৰ পৰা বৰ্খাস্ত

ৰঙিলী বাৰ্ত্তাসেৱা- আৰক্ষী থানাৰ ভিতৰতে কিশোৰীক নগ্ন কৰি ফটো উঠোৱাৰ অভিযোগত অভিযুক্ত ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিমান ৰয়ক অসম আৰক্ষীৰ পৰা বৰ্খাস্ত। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে আৰক্ষী বিষয়াজনক বৰ্খাস্তৰ নিৰ্দেশ দিছে। যোৱা ২১ জুনৰ নিশা সংঘটিত হোৱা এই ঘটনা সন্দৰ্ভত ভুক্তভোগী কিশোৰীগৰাকীয়ে ২৬ জুনত নলবাৰী সদৰ থনাত এজাহাৰ দাখিল কৰিছিল যদিও ৰহস্যজনক ভাৱে নলবাৰী সদৰ আৰক্ষী থানায়ো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল।বিষয়টো সংবাদ মাধ্যমত বহুল ভাৱে প্ৰচাৰিত হোৱাৰ পাছতে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছিল। ইফালে অভিযুক্ত আৰক্ষী বিষয়া বিমান ৰয় পলাতক হৈ আছে। বিমান ৰয়ৰ সন্ধান দিওঁতালৈ পুৰস্কাৰ ঘোষণা কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে।