বৰষুণ মোৰো প্রিয় – নৱযানী বৰুৱা শইকীয়া

বৰষুণ মোৰো প্রিয়

নৱযানী বৰুৱা শইকীয়া, ডিগবৈ

বৰষুণ মোৰো প্রিয় ,
যদিহে উতনুৱা বৰষুণে নিতিতাই শিতান ,
জুৰুলি জুপুৰি আই
ছাতি মেলি যদিহে নবহে মোৰ বিছনাত উঠি
বৰষুণ মোৰো প্রিয় ।।
বৰষুণ মোৰো প্রিয় ,
যদিহে টোপ টোপ টোপাল পৰি নিতিতে মোৰ আখল ,
কলমলাই ভোকত সৰু ভাইটোৱে
যদিহে নকৰে আমনি আইক
শুকান চিৰা আৰু এটুকুৰা গুৰ
আহাৰ নহ’য় যদিহে নিশাটোৰ আমাৰ
বৰষুণ মোৰো প্রিয় ।
‘বৰষুণ মোৰো প্রিয় ,
যদিহে লগত নানে বলিয়া বান
ভগা পঁজা উটুৱাই মথাউৰীত প্ৰাণ
মোৰো প্রিয় ,
মোৰ গাঁও যদিহে সুৰক্ষিত হ’য়
পিতাইৰ পথাৰৰ ধান সোণগুটী হ’য় ।
তেজক ঘাম কৰা
হাড়ক মাটি কৰা
শইচ যদি জাহ নাযায় বলিয়া বানত ।
বৰষুণ মোৰো প্রিয় ।
বৰষুণ মোৰো প্রিয়
যদিহে পদপথৰ ৰতনীজনীক নুবুৰাই চকাৰ পানীৰে ,
দোকানৰ বাৰান্দা বিচাৰি
যদিহে নালাগে ফুৰিব তাই অনাই বনাই ,
ঠাই পাই আপোনঘৰত,,
বৰষুণ মোৰো প্রিয় ।।।