দুঃসময়
ইভা গন্ধীয়া ফুকন, ডিব্ৰুগড়
বৰষুণ বৰষুণ ধাৰাসাৰ বৰষুণ । কেইবাদিনো নেৰেপেৰা বৰষুণৰ ফলত খাল -বিল ,নলা -নৰ্দমা ঘৰৰ বাৰী চোতাল সকলো পানীৰে উপচি পৰিছে । পূৱা উঠি উৎপলে চোতালত পানী দেখি চকু মোহাৰি মোহাৰি বাৰীৰ পুখুৰীতো চাবলৈ গ’ল ,দেখি তাৰ চকু কপালত উঠিল , পুখুৰী পথাৰ একাকাৰ ।হায় -কি হ’ব মোৰ এতিয়া, কি মোৰ কপাল !দুদিন আগতে দহ হাজাৰ টকাৰ পুনা মাছ মেলিছিল ফিছাৰী অফিচৰ পৰা আনি । এক বিঘাৰ পুখুৰীটোৰ পৰাই উৎপলে মাছ উৎপাদন কৰি ঘৰখন চলাই নিছিল কাৰো ওচৰত হাত নপতাকৈ ।এইবাৰো ৰৌ, বাহু,ভকুৱা ,মিৰিকা , ৰূপচন্দা আদি মাছ মেলিছিল ।তাৰ মূৰৰ উপৰত যেন সৰগ ভাগি পৰিল , সেহাই সেহাই আহি সি তাৰ মানুহ জনী ৰূপালীক মাতিলে – হেৰা হেৰা পানী এগিলাছ দিয়া হে নহ’বৰ হ’ল
ৰূপালী – পানী গিলাছ হাতত লৈ কি নহ’বৰ হ’ল হে ভাঙি পাতি নোকোৱা কিয় ?
উৎপল – দুদিন আগতে মেলা পুনা মাছ পুখুৰী বুৰি ওলাই গ’ল ।
ৰূপালী – মোৰ কথা নুশুনা নহয় কিমান বাৰ ক’লো পুখুৰীটো নেট কাপোৰ আনি বেৰা দিয়া পানী অহা আগতে ।কি হ’ব এতিয়া দহ হাজাৰ টকা পানীত গ’ল উটি ।খা বাপ্পেকে ভীম কলটো এতিয়া ।
উৎপল – বেৰা দিম বুলি ভাবি থাকোতে হঠাৎ পানী আহিল অ ।ইমান আগতীয়াকৈ পানী আহিব বুলি ভবাই নাছিলোঁ নহয় ।
আইজুং ধানৰ কঠিয়া তলি পানীৰ তলত । যি কেইডৰা ৰুইছিলো সেই কেইডৰাৰ ৰোৱা পানীৰ তলত শুই আছে ।বৰষুণ কমিলে বাৰু দুদিনতে ওলাব পথাৰখন পিছে ৰোৱাখিনি গ’ল আৰু ।আকৌ ৰুবলৈ কঠিয়া পিছে পাম ক’ত ? বৰষুণ দেখোন নেৰাই হ’ল । গাঁও চহৰ সকলো কৃত্ৰিম বানৰ কবলত ।ক’ৰবাত মথাউৰি ছিগিল , কৰবাত বাঁহৰ দলং উটাই নি যোগাযোগ বিছিন্ন পশুধন ঘৰৰ আচবাব উটাই নিছে হঠাৎ অহা পানীৰ বাবে ঘৰৰ লাম লাকটু সামৰিব সময় নাপালে ।ভঁৰাল ঘৰলৈকে পানী কৃষকৰ সমল ভঁৰালৰ ধান কেইটাও পানীৰ তলত ,ভূমিস্খলন গড়া খহনীয়া ।সকলো ফালে হাঁহাকাৰ।জনপ্রতিনিধি সকলৰ খনে খনে বৈঠক আৰম্ভ । উদ্ধাৰ অভিযানকাৰী দল প্ৰেৰণ ।ওখ ঠাইত শিবিৰ পাতি বন্যাতক ৰখাৰ ব্যবস্থা কৰিছে ।পানী পানী চৌদিশে পানী খাবলৈ নাই এটুপি বিশুদ্ধ পানী ।বৰ মুৰীয়া সকলে হেলিকপ্টাৰেৰে বান পৰিদৰ্শন কৰিছে । বহুতো সংগঠন আদিয়ে সাহায্য সামগ্ৰী খোৱা বস্তু যোগান ধৰিছে । ফটো তুলি প্ৰমাণ ৰাখিছে খনে খনে ।বন্যাতৰ দীঘলীয়া শাৰী । কেঁচুৱাৰ ক্ৰন্দন ,কোনোৱে নিজৰ পঢ়া কিতাপ কেইখনো আনিব নোৱাৰিলে । শিবিৰত থকা সময়ত বাৰু সাহায্য সামগ্ৰীৰে দিন কটাইছে উভতি গৈ কি কৰিব ক’ত থাকিব তাকে চিন্তি আঠুৰ মাজত মূৰ গুজি বহি আছে বয়োজেষ্ঠ সকল ।গাঁওৰ ৰাইজৰ চিঞৰ হুলস্থুল পানী বাঢ়িল বান আহিল ঐ বান আহিল। চাওঁতে চাওঁতে উৎপলৰ ঘৰৰ ভিতৰত পানী সোমাল লাহে লাহে পানী বাঢ়ি গৈ থাকিল । ততা -তৈয়াকৈ তলতে থকা খোৱা সামগ্ৰী চাউল দাইল আদি চকী মেজ যোৰা দি তাৰ ওপৰত তুলিলে । আলমাৰি কোনোমতে দাঙি ধৰি বিছনাৰ ওপৰত উঠালে । ৰূপালীয়ে নিজৰ পিন্ধা কাপোৰৰ লগতে উৎপল আৰু একমাত্ৰ সন্তানৰ কাপোৰ কেইযোৰ মান বেগ এটাত ভৰাই ল’লে।নিজৰ মানি বেগটোও ল’লে।কেতিয়া কি বিপদ আহে ঠিক নাই । কেতিয়াও এনে পৰিস্থিতিৰ সন্মুখীন নোহোৱা পৰিয়ালটি এইবাৰ আশ্ৰয় শিবিৰলৈ যাব লগা হৈছে । N D R F বাহিনীৰ লোক আহি তেওঁলোকৰ নাওত নি শিবিৰ পোৱালেগৈ লগতে পোৱালি সহিতে খীৰতী গাই জনী ।তাতে তম্বুৰ তলত তিনিওটি না না ওৰ নপৰা চিন্তা কৰি কৰি বহি থাকিল । গাই জনীও কাষতে নামত ঘাঁহ থকা ঠাইত বান্ধি থৈছে ।নিশা তিনিওটিকে নিদ্ৰা দেৱীয়ে আকোঁৱালি ল’ব পৰা নাই ।আশ্ৰয় শিবিৰত পৰ পুৰুষ পৰ নাৰীৰ শয্যা সঙ্গী। তৌবা তৌবা কি যে দিনকাল।কিশোৰী সকলক লৈ মাক দেউতাকৰ চিন্তা কি দৰে সুৰক্ষা দি ৰাখিব পাৰে এই সংকটৰ বেলা ।সকলোৱে মিলা প্ৰীতিৰে থাকিব বিচাৰিলেও তাতে ওলায় বোন্দা মেকুৰী ।
চোৰে নেৰে চোৰৰ পৰকতি
কুকুৰে নেৰে চাই
মৰিলে লগতে যায়
এইবিলাক দেখি উৎপল অগ্নি শৰ্মা হৈ কি কৰো কি নকৰো বুলি হাত উঠাব লওঁতে ৰূপালীয়ে বাধা দিয়ে ।এই বিপদে পাইছে আৰু বিপদ চপাব নালাগে ।যি দেখিছা নেদেখা ভাও ধৰা । সাংবাদিকৰ দল এটা আহি সাক্ষাৎকাৰ লৈছে শিবিৰৰ পৰিস্থিতিৰ বুজ লবৰ মনে ।উৎপলে শিবিৰৰ অৰাজক পৰিস্থিতিৰ কথা কব খুজিও থমকি ৰ’ল ।প্ৰত্যেক বছৰে অসমে এই বিভীষিকাময় পৰিস্থিতিৰ সন্মুখীন হৈ আহিছে ।ঘৰ দুৱাৰ উটাই নিয়া, ভূমিস্খলন গড়াখহনীয়া আদিৰ ভয়ংকৰ দৃশ্য যেন সাধাৰণ ঘটনা ।এই দুঃসময়ৰ ভয়ংকৰ দৃশ্য নতুন নহয় ।বহু লোকৰ মৃত্যু হয় ।ইয়াৰ বাবে দায়ী কোন ? নমামী ব্ৰহ্মপুত্ৰ পাতি যিমান টকা শৰাধ কৰা হ’ল , সেই টকাৰে যদি নদীৰ বুকু খান্দি দ কৰিলে হেঁতেন নিশ্চয় অলপ হলেও বিভীষিকাময় পৰিস্থিতিত জুৰুলা হোৱাৰ পৰা বাচিব পৰিলোঁ হেঁতেন । চৰকাৰৰ পৰিকল্পনা কল্পনা হৈয়ে ৰ’ল । মোৰ ফিছাৰী লোনৰ টকা কি দৰে পৰিশোধ কৰিম ? পুখুৰীৰ মেলা মাছ এটিও নাই চাগৈ সকলো ওলাই গ’ল তৰাং পানীত ।কেন্দ্ৰীয় চৰকাৰে আমাক যেন মাহী আইৰ চকুৰে নাচায় ।অন্য ৰাজ্যৰ দৰে সম মৰ্যদাৰে চাবলৈ অনুৰোধ জনালোঁ ।স্বাধীনোত্তৰ কালৰে পৰা প্ৰতি বছৰে এই বানে অসমৰ জনসাধাৰণৰ জীৱন নিৰ্বাহ দুৰ্বিষহ কৰি পেলাইছে । বানে ধোৱা ঠাইবোৰ পুণৰ সেউজ কৰিবলৈ আমাক চৰকাৰে সহায়ৰ হাত আবঢ়াবনে ? এই বিলাক কৈ থাকোতে সাংবাদিকে মাইক্ৰফোনটো বেলেগ এজনলৈ আগবঢ়াই দিলে।শিবিৰত থাকোতে ৰূপালীৰ মানি বেগটো হেৰাল । মানিবেগ হেৰাল বুলি কান বাগৰিল । ৰূপালীয়ে কিন্তু কাৰোৰে ওপৰত সন্দেহ ভাৱ নাৰাখিলে । ইয়াত এমুঠি অন্নৰ বাবে কিমান হাহাঁকাৰ কৰিব লগা হৈছে তাই দেখিছে । চাৰি দিন আশ্ৰয় শিবিৰত থাকি বহুতো নতুন তিতা মিঠা অভিজ্ঞতা লৈ উৎপলৰ পৰিয়ালটি ঘৰমুৱা হ’ল ।ঘৰখনত সোমাই মনটো সেমেকি উঠিল । বানে ধোৱা ঘৰখন ভেকেতা ভেকেত গোন্ধ ,বাৰিৰ ঘাঁহ বন বোকাৰ নিহালী লৈ শুই আছে ।কি দৰে উজ্জীৱিত কৰিব বাৰী ঘৰ তাকে ভাবি ভাবি ঘৰৰ ভিতৰ খন চাফা কৰাত লাগিল ।দুয়ো পতি পত্নী ঘৰৰ বস্তু পাতি সামৰি থান থিত লগাই খাবলৈ বুলি ভাত মুঠি ৰান্ধিব গ’ল ।চাউল দাইল আলু কেইটা মানৰ বাহিৰে পাচলি বুলিবলৈ আৰু একোৱে নাছিল ।তাকে ৰূপালীয়ে ৰান্ধিলে। দাইল আলু পিতিকাৰে অন্নমুঠি পৰম তৃপ্তিৰে তিনিওটিয়ে গ্ৰহণ কৰিলে । গাই জনীয়েও ভালকৈ খাব পোৱা নাই সেই কাৰণে গাখীৰ খীৰোৱা নাই । গাই জনীক তুহ অলপ নিমখ পানী সানি খাব দিলে ।তাইও ওপৰলৈ মুৰ নদঙাকৈ খাব ধৰিলে ।সিহঁতৰ খবৰ লবলৈ ৰূপালীৰ ভায়েক আহিল ।পুলিচ বিভাগৰ কৰ্মচাৰী ভায়েকে কিছু খোৱা বস্তু লৈ আহিছে । ভিনীদেউ অকল আপোনালোকৰে এনে হোৱা নাই বহু ঠাইত এইবাৰ বানৰ বিভীষিকা।ভিনীয়েকৰ মনোবল বঢ়াবলৈ দিহা পৰামৰ্শ আগবঢ়াই যাবৰ সময়ত বায়েকৰ হাতত টকা সাত হাজাৰ গুজি দিলে । বায়েকেও না নকৰিলে ।বানে গৰকি যোৱা বাবে ঠাইবোৰ কিবা উৰুঙা উৰুঙা লাগিছে । উৎপলে এইবাৰ শালি খেতি কৰিবলৈ চিন্তা কৰিলে ।কঠিয়া পাৰিলে ,দেৰিকৈ হলেও খেতিটো ভালকৈ কৰিম বুলি থিৰাং কৰি ল’লে । ভাদ মাহলৈকে ৰুই হলেও খেতি কৰিব । টেক্টৰে মাটি কেইডৰা চহাই ল’লে খুলশালিয়েকে দিয়া টকাৰে ।মাছৰ পুনাটো নাইয়ে উৎপলে ভাবিলে তাৰ মাছ পূহিবলৈ লোৱা ঋণটো ৰেহাই দিবলৈ ফিছাৰী অফিচত গৈ দৰখাস্ত এখন দিব । নহ’লে আৰু খেতি ভাল হ’লে তাৰ টকাৰে ঋণ পৰিশোধ কৰিব। শুনিছে বোলে চৰকাৰে ধান বিক্ৰীৰ বাবে মোনে প্ৰতি এটা নিৰিখ বান্ধি দিছে ।কোনেও বেছি বা কোনেও কম টকাত ধান বিক্ৰী কৰিব নোৱাৰিব ।ভবা মতে উৎপলে ফিছাৰী লোন মাফ্ কৰি দিবৰ বাবে এখন দৰখাস্ত লিখি অফিচত দিব গ’ল ।অফিচাৰে বোলে তেনে কোনো আঁচনি বা লিখিত অৰ্ডাৰ আমাৰ হাতত নাই ।তথাপি আপোনাক অলপ কম মূল্যত পুনা মাছ দিবলৈ মই নিজা ববীয়াকৈ চেষ্টা কৰিম । পোন্ধৰ দিন মানৰ পিছত আহি লৈ যাবহি ।বৰ্তমান মাছৰ বেডিং চলি আছে ।কথা মতে নিদিষ্ট সময়ত আহি পুনা মাছ মেলিলেগৈ নিজৰ পুখুৰীত ।ইফালে ধান খেতিৰ কামত লাগি আছে নিয়াৰিকৈ । উৎপলৰ প্ৰতিটো কামতে ৰূপালীয়ে সহযোগ কৰি গৈছে ।এইদৰে ঘৰখন পুনৰ ঠন ধৰি তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছে । “লাগি থাকিলে মাগি নাখায়” এই কথাত বিশ্বাস ৰাখি দুয়ো হাতে কামে কৃষি কৰ্মত আগবাঢ়িছে । বানে পলসুৱা কৰা পথাৰত ধানখেতি লহপহকৈ বাঢ়িছে । সেউজী পথাৰৰ শোভাই উৎপল আৰু ৰূপালীৰ মনো সেউজী়য়া কৰি তুলিছে ।।