আজিৰ পৰা ৫ দিনৰ বাবে বন্ধ থাকিব ৰাজ্যৰ কেইবাটাও অঞ্চলৰ বিদ্যালয়
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ ভূমিস্খলন প্ৰৱণ অঞ্চলসমূহত বন্ধ থাকিব বিদ্যালয়সমূহ। আজিৰ পৰা ৫ দিনৰ বাবে বিদ্যালয় বন্ধৰ ঘোষণা কৰিছে জিলা প্ৰশাসনে। হাফলং, হাৰাংগাজাও, মাহুৰত বিদ্যালয় বন্ধৰ জাননী জাৰি কৰিছে বিভাগীয় কৰ্তৃপক্ষই। কাৰণ প্ৰৱল বৰষুণৰ ফলত ৰাজ্যৰ পাহাৰীয়া অঞ্চলসমূহত শেহতীয়াকৈ দেখা গৈছে ভূমিস্খলন। এই প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখিয়ে বিদ্যালয় বন্ধৰ ঘোষণা কৰা হৈছে। ডিমা হাছাও জিলাৰ কেইবাটাও স্থানত ভূমিস্খলন হোৱাৰ সমান্তৰালভাৱে শিলচৰ–মেঘালয় সংযোগী সোণাপুৰতো ভূমিস্খলন হোৱা পৰিলক্ষিত হৈছে। যাৰ ফলত জনজীৱন ব্যাহত হোৱাৰ লগতে বাট–পথ বন্ধ হৈ পৰিছে। সেয়ে এনে ভূমিস্খলন প্ৰৱণ অঞ্চলত বিদ্যালয় বন্ধৰ ঘোষণা কৰিছে বিভাগীয় কৰ্তৃপক্ষই। ১৩ জুনৰ পৰা ৫ দিনৰ বাবে এই অঞ্চলসমূহত বন্ধ থাকিব বিদ্যালয়।