অসম ৰাজ্যিক শিশু সুৰক্ষা সমিতিৰ উদ্যোগত  সুৰক্ষিত শৈশৱ সোণালী অসম শিশু সুৰক্ষা সম্পৰ্কীয় ৯০ দিনীয়া সজাগতা অভিযানৰ শুভাৰম্ভ 

অসম ৰাজ্যিক শিশু সুৰক্ষা সমিতিৰ উদ্যোগত সুৰক্ষিত শৈশৱ সোণালী অসম শিশু সুৰক্ষা সম্পৰ্কীয় ৯০ দিনীয়া সজাগতা অভিযানৰ শুভাৰম্ভ 

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা-  অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ অধীনস্থ ৰাজ্যিক শিশু সুৰক্ষা সমিতিৰ উদ্যোগত আজি এক ৯০ দিনীয়া শিশু সুৰক্ষা সজাগতা অভিযান আৰম্ভ কৰা হয়। ৰাজ্যিক আৰু জিলা উভয় পৰ্যায়তে সমান্তৰালভাৱে শুভাৰম্ভণি কৰা এই অভিযানৰ প্ৰথম কাৰ্যসূচী হিচাপে শিশু সুৰক্ষা সম্পৰ্কীয় তথ্যৰে সু-সজ্জিত ভ্ৰাম্যমান বাহনৰ যাত্ৰা পতাকা জোকৰি শুভাৰম্ভ কৰে বিভাগৰ প্ৰধান সচিব তথা শিশু সুৰক্ষা সমিতিৰ অধ্যক্ষ মুকেশ চাহুৱে। চৰকাৰ, প্ৰশাসন, ৰাইজ, বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান তথা সংবাদ মাধ্যমৰ সন্মিলিত প্রচেষ্টাৰে শিশুসকলক যিকোনো শোষণ, অবৈধ সৰবৰাহ, যৌন নির্যাতন, শাৰিৰীক নির্যাতন, শিশু শ্রম, বাল্য বিবাহ আদিৰ পৰা ৰক্ষা কৰি তেওঁলোকৰ অধিকাৰ সুৰক্ষিত কৰাৰ লগতে শিশুৰ উপযোগী এক আনন্দমুখৰ আৰু স্বাস্থ্যসন্মত বাতাবৰণ গঢ়ি তোলাৰ ক্ষেত্ৰত তৃণমূল পর্যায়লৈকে জনসজাগতা সৃষ্টি লক্ষ্যৰে এই তিনিমহীয়া সজাগতা অভিযান আৰম্ভ কৰা হৈছে। ”  বিশ্ব শ্রম বিৰোধী দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা এই সজাগতা অভিযানৰ শুভাৰম্ভণী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ভিডিঅ‘ মেছেজ প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত প্রধান সচিব মুকেশ চাহুৱে কয় যে পৃথিৱীৰ সকলো জীৱৰ ভিতৰত মানৱ সমাজে অধিক কাল শিশু জীৱন লাভ কৰে । গতিকে সুস্থ নাগৰিক গঢ়ি তুলিবলৈ আমি সামূহিক প্ৰচেষ্টাৰে এই সময়ৰ সদ ব্যৱহাৰ কৰিব লাগে ৷ এই শুভাৰম্ভণী অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমীৰ সঞ্চালক অৱসৰপ্ৰাপ্ত ন্যায়াধীশ মিৰ আলফাজ আলীয়ে কয় যে শিশু সুৰক্ষাৰ ক্ষেত্ৰত আইন প্রণয়ন কৰিলেও জনসাধাৰণ অন্তৰৰ পৰা সংবেদনশীল হ’ব লাগিব। এই ক্ষেত্ৰত এই সজাগতা অভিযানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। সভাত সন্মানীয় অতিথিৰূপে উপস্থিত থাকি বিশিষ্ট অভিনেতা ৰবি শৰ্মা আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খেলুৱৈ অর্জুন বঁটাপ্রাপক নয়নমণি শ‍ইকীয়াই শিশু সুৰক্ষা সমিতিৰ পদক্ষেপৰ শলাগ লয় আৰু সকলোৰে সংঘবদ্ধ প্ৰচেষ্টাৰে শিশুৰ বাবে এক সুস্থ পৰিৱেশ সৃষ্টিৰ ক্ষেত্ৰত আজিৰে পৰা আৰম্ভ কৰা সজাগতা অভিযানে সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব বুলি আশা প্ৰকাশ কৰে। শিশু সুৰক্ষাৰ আদি পাঠ ঘৰখনতে আৰম্ভ হয় বুলি মন্তব্য কৰি এইক্ষেত্ৰত সকলো অভিভাৱকক সজাগ আৰু সচেতন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ কয় ।  শিশু সুৰক্ষা সমিতিৰ অতিৰিক্ত সদস্য সচিব ড°প্রীতি লেখা ডেকাই আদৰণি ভাষণ প্রদান শুভাৰম্ভণি অনুষ্ঠানত অভিযান সম্পৰ্কত বিশদ বিৱৰণ দাঙি ধৰে সদস্য সচিব পার্থ প্রতীম মজুমদাৰে। অভিযানৰ সময়ছোৱাত গাঁও পঞ্চায়ত, উন্নয়ন খণ্ড, জিলা আদি সকলো পৰ্যায়ত শিশু কল্যাণ আৰু সুৰক্ষা সমিতি গঠন কৰা হ’ব। তদুপৰি বিশেষ কিশোৰ আৰক্ষী গোটসমূহ পুনৰ গঠনৰ ব্যৱস্থা কৰা হ’ব। জিলা শিশু সুৰক্ষা গোটসমূহৰ নেতৃত্বত জিলাই জিলাই চলিবলগীয়া সজাগতা অভিযানত শিশু সুৰক্ষা সম্পৰ্কীয় তথ্য সম্বলিত টি চার্ট, বেনাৰ, পোষ্টাৰ আদিৰে চাইল্ডেথন, শিশুসকলৰ প্ৰতিভা প্ৰদৰ্শন আৰু শিশু সুৰক্ষা সম্পৰ্কীয় তথ্য প্ৰচাৰৰ বাবে জিলা পৰ্যায়ত মেলা,বাটৰ নাট, সংশ্লিষ্ট বিভাগসমূহৰ উপস্থিতিত সজাগতামূলক সভা, হ’র্ডিং স্থাপন, বর্তমান যুগত প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্ৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰা সামাজিক মাধ্যম যোগে ইয়াৰ বাতৰি বিলোৱাৰ লগতে ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সংবাদসেৱীসকলৰ লগত সভাৰ আয়োজন, স্বাক্ষৰ অভিযান, দেৱাল লিখনৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি শিক্ষা বিভাগৰ সহযোগত বিদ্যালয়, সামুহিক কেন্দ্ৰ আদিত শিশুসকলৰ মাজত সুৰক্ষা সম্পৰ্কীয় বিষয়েৰে বিভিন্ন প্ৰতিযোগিতা আয়োজনৰো ব্যৱস্থা কৰা হৈছে। ইয়াৰ পিছতে উপস্থিত সংশ্লিষ্ট সকলো বিভাগ, শিক্ষা প্রতিষ্ঠান, বিশ্ববিদ্যালয় আৰু স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধিসকলৰ সৈতে মত বিনিময় কৰি বিভিন্ন পৰামৰ্শ গ্ৰহণ কৰা হয় আৰু অনুষ্ঠানৰ শেষত নৱনাট্যম গ্ৰুপৰ দ্বাৰা শিশু সুৰক্ষা সম্পৰ্কীয় বাটৰ নাট পৰিবেশন কৰা হয় ৷