কংগ্ৰেছৰ উদ্যোগত আইন শৃংখলাজনক সন্দৰ্ভত ৰাজ্যপালক সাক্ষাৎ

কংগ্ৰেছৰ উদ্যোগত আইন শৃংখলাজনক সন্দৰ্ভত ৰাজ্যপালক সাক্ষাৎ

ৰঙিলী বাৰ্ত্তাসেৱা-  কংগ্ৰেছৰ উদ্যোগত ঐক্যবদ্ধ হোৱা ৰাজ্যখনৰ ১২ টা বিৰোধী ৰাজনৈতিক দলৰ মুঠ ১৫ গৰাকী নেতাৰ এটা সঁজাতী দলে কংগ্ৰেছ বিধায়িনী দলৰ নেতা শ্ৰীদেৱব্ৰত শইকীয়াৰ নেতৃত্বত অসমৰ ৰাজ্যপালক সাক্ষাৎ কৰি অসমৰ শেহতীয়া উদ্বেগজনক আইন-শৃংখলাজনক পৰিস্থিতিৰ বিষয়ে বহুসময় ধৰি আলোচনা কৰে আৰু ৰাজ্যপালক তাৎক্ষণিক হস্তক্ষেপ বিচাৰি এখন বিস্তৃত স্মাৰকপত্ৰ প্ৰদান কৰে। আলোচনাৰ অন্তত ৰাজ্যপালে সঁজাতী দলটোক আশ্বাস দিয়ে যে এই সম্পৰ্কে অচিৰে অসমৰ মুখ্যমন্ত্ৰীক মাতি বিষয়টো আলোচনা কৰি যথাবিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জনাব। বিৰোধী দলসমূহে মূলতঃ আৰক্ষী বিষয়া জোণমনি ৰাভাৰ “হত্যাকাণ্ড”ৰ তদন্ত চি বি আইৰ পৰিৱৰ্তে উচ্চ-ন্যায়ালয়ৰ এগৰাকী কৰ্মৰত ন্যায়াধীশৰ জৰিয়তে কৰোৱাবলৈ দাবী জনায় আৰু এই হত্যাকাণ্ডৰ তদন্ত সম্পৰ্কত ৰাজ্য চৰকাৰৰ বেপৰোৱা ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰে। সঁজাতী দলটোৰ সৈতে একমত প্ৰকাশ কৰি ৰাজ্যপাল গৰাকীয়ে কয় যে এই ঘটনাক দুৰ্ঘটনাজনিত সাধাৰণ মৃত্যুৰ ঘটনা বুলি কোনেও মানি লোৱা নাই আৰু তথ্য-পাতি, বা-বাতৰিয়ে ইয়াক এক হত্যাকাণ্ড বুলি ইংগিত দিয়ে।জোণমনি ৰাভাৰ হত্যাকাণ্ডৰ উপৰি চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে থকা সীমা বিবাদ সমাধান হোৱা বুলি চৰকাৰে বাৰম্বাৰ ৰাজহুৱাকৈ ঘোষণা কৰাৰ পিছতো অসমৰ ভূমি চুবুৰীয়া ৰাজ্যসমূহে দখল কৰিয়ে আছে আৰু অসমৰ নিৰীহ লোকক সীমাৰ সিপাৰৰ লোকে গুলীয়াই হত্যা কৰাৰ ঘটনাও ঘটি আছে। ইয়াৰ উপৰি তিনিচুকীয়া জিলাৰ লিডু, মাৰ্ঘেৰিটাত দিনে-নিশাই চোৰাং কয়লা খনন অব্যাহত আছে আৰু অসম চৰকাৰৰ মন্ত্ৰী-বিধায়ক-আৰক্ষী বিষয়া-প্ৰশাসনিক বিষয়াৰ জ্ঞাতসাৰেই এইদৰে অবৈধ বেহা চলি আছে বুলি স্মাৰকপত্ৰখনত অভিযোগ কৰা হৈছে আৰু এচাম দুষ্ট চক্ৰৰ এনে অবৈধ বেহাৰ ফলত বিগত দিনত কেইবাজনো স্থানীয় লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। এইবোৰ বিষয়ত ৰাজ্যপাল গৰাকীৰ হস্তক্ষেপ দাবী কৰে বিৰোধী দলসমূহে।