শিশুৰ ব্যক্তিত্ব বিকাশত সংগী সকলৰ প্ৰভাৱ – চন্দ্ৰ শেখৰ পৰাজুলী

শিশুৰ ব্যক্তিত্ব বিকাশত সংগী সকলৰ প্ৰভাৱ

চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি

আচলতে শিশু এটিৰ ভবিষ্যত নিৰ্মাণ হয় পোনপ্ৰথমে নিজৰ ঘৰ পৰিয়ালৰ মানুহে প্ৰদান কৰা সংস্কাৰৰ ওপৰত। আৰু যেতিয়া শিশু এটিয়ে দিনক দিনে ডাঙৰ হৈ আহে ঠিক তেতিয়া নিজে বসবাস কৰা পৰিবেশৰো ওপৰতো বহুত কথা নিৰ্ভৰ কৰে। ইয়াৰ উপৰিও এটি শিশুৱে বিদ্যালয় প্রাঙ্গণত সময় অতিবাহিত কৰিবলৈ লোৱা নিজ নিজ বন্ধু-বান্ধৱী লগতে নিজ নিজ পৰিবেশত খেল ধেমালি কৰি সময় অতিবাহিত কৰা সংগী সকলৰ ওপৰতো শিশু এটিৰ ব্যক্তিত্ব বা চৰিত্ৰ গঠনত বহু প্ৰভাৱ পেলায় নহয়নে?। কাৰণ সেই সময়চোৱাতে শিশু এটিৰ শাৰীৰিক আৰু মানসিক বিকাশৰ পথ সুনিশ্চিত হৈ আহে। গতিকে শিশু এটিৰ ভবিষ্যত নিৰ্মাণ হয় নিজ ঘৰ,পৰিবেশৰ  উপৰিও শিশুৰ ব্যক্তিত্ব বিকাশত সংগী সকলৰ প্ৰভাৱ যথেষ্ট উল্লেখনীয় বুলি ক’ব পাৰি। গতিকে তাৰে সামান্য এটি সৰু উদাহৰণ জৰিয়তে বুজিবলৈ চেষ্টা কৰো আহক‌ । চাওঁক এখনি বনৰ মাজত এটা বাহঁতে ময়না চৰাইৰ দুটা পোৱালি আছিল ৷ তাৰ এটা এজন মুনু  নামৰ মানুহে নিলে, আনটো এজন ৰঘু নামৰ মানুহে নিলে।৷ মুনু নামৰ মানুহ গৰাকী বৰ নম্ৰ,ভদ্ৰ আছিল । গতিকে সেই ময়না চৰাইয়ে সাধুসঙ্গত পৰি সাধুমাত মাতিবলৈ শিকিলে ৷সেই মাতে ৰঘু নামৰ মানুহ গৰাকী বৰ অভদ্ৰ আৰু দুষ্ট আছিল। আনহাতে সেই একেটা বাহঁতে থকা দ্বিতীয়টো ময়না চৰায়ে কুসঙ্গত পৰি কুমাত শিকিলবৈ ললে। গতিকে আপুনি নিজে বিবেচনা কৰক, একে বাহত একে মাকৰ পৰা ওপজা দুটা চৰাইৰ পোৱালিয়ে সঙ্গৰ দোষ-গুণত কেনে ভিন ভিন অৱস্থা পালেগৈ? সেয়েহে এজন অভিভাৱকে নিজ নিজ সন্তানক ভৰন-পোষণ দিয়াৰ ওপৰিও এক নিৰ্দিষ্ট সময় সীমালৈ শিশুটিয়ে কেনে ধৰণৰ সংগীৰ লগত সময় অতিবাহিত কৰিবলৈ লৈছে সেই বিষয়ে বৰ্তমান সময়ত বৰ সজাগ হোৱাৰ দৰকাৰ। কাৰণ আজিকালি আমাৰ অতীতৰ তুলনাত  নানান বহু বেয়া দিশবোৰৰ জৰিয়তে পৰিবেশন বিনষ্ট হ’বলৈ ধৰিছে। গতিকে ভাল কাম কৰি আমোদ লোৱাতকৈ বৰ্তমান উঠি অহা নৱপ্ৰজন্ময়ে বেয়া দিশবোৰহে বেছি আমোদ দায়ক বুলি গণ্য কৰি লোৱা পৰিলক্ষিত হৈছে। গতিকে শিশু এটিক কুমলীয়া বয়সতে ভালদৰে গঢ় দিব নোৱাৰি তেন্তে তেনেধৰণৰ শিশুৰ পৰা ভবিষ্যতে কি আশা কৰিব ?। এনেওঁ পৈণত বাঁহক চেপি ধৰিলে ভঙাৰ সম্ভাৱনা জোখতকৈ বেছি বাঢ়ি যায়।ইয়াতে কিছুমান বুদ্ধিজীৱীৰ মতে, শিশু এটিৰ ব্যক্তিত্ব নিৰ্মাণ হয় নিজ নিজ ব্যক্তিত্ব ওপৰত। কিন্তু এনেধৰণৰ যুক্তি আংশিক ভাবেহে গ্ৰহণ যোগ্য বুলি ক’ব পাৰি। কাৰণ নিজ ঘৰ,পৰিবেশৰ উপৰিও ব্যক্তি এজনৰ সংগী সমূহৰ প্ৰভাৱ ইমানেই প্ৰভাৱশালী যে, মাৰাত্মক ডকাইত এজনো সঙ্গতৰ প্ৰভাৱৰ ফলত এসময়ত গৈ বিদগ্ধ পণ্ডিত হ’ব পৰে। আৰু এজন  বিদ্বান ব্যক্তিয়ো সঙ্গতৰ ফলতেই সময়ৰ সোঁতত কু-কৰ্মত লিপ্ত হ’ব পাৰে। কেতিয়াবা নিজে নিৰ্দোষী থাকিলেও যদি কু-সঙ্গতৰ সান্নিধ্য লোৱা হয় তেন্তে সেই নিৰ্দোষী ব্যক্তি গৰাকীকো দোষাৰোপ কৰি দিয়া দেখা যায়। সেয়েহে বিশেষকৈ উঠি অহা নৱপ্ৰজন্ময়ে বা শিশু এটিৰ সংগী সমূহৰ ওপৰতো নিজ নিজ অভিভাৱক আৰু আপোন পৰিয়াল বৰ্গৰ মানুহে চোকা দৃষ্টি দিয়াটো অতিকৈ আবশ্যক।