বিশ্ব পৰিবেশ দিৱস আৰু পৰিবেশ সজাগতা- দেবর্ষি গৌতম

Pc Asian Hospital Faridabad

বিশ্ব পৰিবেশ দিৱস আৰু পৰিবেশ সজাগতা

এক সুস্থ সবল আৰু নিৰোগী জীৱন জীয়াই থাকিবলৈ হলে মানুহক এক সুস্থ পৰিবেশৰ প্ৰয়াজন হয়। এক প্ৰদূষিত পৰিবেশত যদি মানুহে জীৱন নিৰ্বাহ কৰে তেনেহলে মানুহৰ জীৱনত বিভিন্ন সমস্যাই দেখা দিয়াটো স্বাভাৱিক কথা। বৰ্তমান সময়ৰ প্ৰেক্ষাপটত মানুহে উদ্যোগীকৰণৰ দিশে অধিক অগ্ৰসৰ হোৱা পৰিলক্ষিত হৈছে। যিহেতু ভাৰত এখন উন্নয়নশীল দেশ গতিকে ভাৰতত অধিকাংশ ঠাইতে নির্মাণকাৰ্য্য চলি থাকে। উদ্যোগ সমূহ পূৰ্ণ গতিত চলি থকা হেতুকে পৰিবেশ প্ৰদূষণৰ মাত্ৰ অধিক বৃদ্ধি হোৱা আমি দেখিবলৈ পাইছোঁ। ইয়াৰ উপৰিও এই প্ৰদূষণ বৃদ্ধি হোৱাত অধিক ইন্ধন যোগাইছে চৰকাৰী আৰু বেচৰকাৰী নিৰ্মান কাৰ্য্য সমূহ সম্পন্ন কৰা স্বাৰ্থত যি গছ-গছনি কটা আৰু বন ধংশ যজ্ঞ চলে সেই কাৰ্য্যই। আচলতে মানুহে যিমানেই অত্যাধুনিক প্ৰযুক্তি বিদ্যাৰ সহায়ত পৃথিৱী খনক অন্য এক মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হোৱা বুলি দাবী নকৰক লাগিলে কিন্তু প্ৰকৃত সত্যটো হল এক সুস্থ পৰিবেশ অবিহনে প্ৰযুক্তিবিদ্যাৰ কোনো সফলতাই পৃথিৱীত স্থায়ী ভাবে জীয়াই থাকিব নোৱাৰে। ইয়াৰ জ্বলন্ত উদাহৰণ হিচাপে যদি আমি চাবলৈ যাওঁ তেনেহলে দেখিবলৈ পাম যে বহু ঠাইত বায়ু প্ৰদূষণৰ বাবে মানুহে ঘৰৰ পৰা ওলাব নোৱাৰে আৰু যিসকল লোকে বাধ্যত পৰি ঘৰৰ বাহিৰলৈ ওলাই তেওঁলোকে বিভিন্ন স্বাস্থ্য জনিত সমস্যাত ভুগিব লগীয়া হয়। ইয়াৰ উপৰিও গছ-গছনিৰ পৰিমাণ কম হোৱা বাবে বহু ঠাইত বৰষুণৰ মাত্ৰ কমি গৈছে যাৰ ফলত এক খৰাং সদৃশ পৰিবেশে বিৰাজ কৰাৰ পৰিপ্ৰেক্ষিতত সাধাৰণ লোকসকলে এটুপি পানী বিচাৰি হাহাকাৰ কৰিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। এই সকলোবোৰ উদাহৰণৰ পৰা আমি এটা কথা স্পষ্ট কৈ কব পাৰো যে বছৰত যদি মাত্ৰ এটা দিনত আমি পৰিবেশ সচেতনতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বাকী দিনবোৰত পৰিবেশ বিনষ্ট কৰি থাকোঁ তেনেহলে সেইয়া নিজৰ বাবে যে আত্মঘাটি হিচাপে বিবেচিত হব সেইটো নিশ্চিত। পৰিবেশ দিৱস বুলি সকলোকে দেখাবলৈ আমি এটা গছ পুলি ৰোপণ কৰি সেইবোৰ সামাজিক মাধ্যমত বহুলভাৱে প্ৰচাৰ কৰোঁ কিন্তু দিনটো বাগৰি যোৱাৰ পিছত আমি কিমান খবৰ ৰাখোঁ যে আমি নিজে হাতে ৰোপণ কৰা সেই গছ পুলিটো জীয়াই আছে নে নাই ? যিদৰে এটা শিশু জন্মৰ পিছত পৰিপক্ক হৈ উঠালৈ নিজৰ মাক দেউতাক অথবা অন্য মানুহৰ সহায়ৰ প্ৰয়োজন হয় ঠিক একেদৰে এটা গছপুলি আমি ৰোপণ কৰাৰ পিছত সেই গছপুলিটো পৰিপক্ক হৈ এডাল বৃক্ষলৈ ৰূপান্তৰিত হবলৈ হলে মানুহৰ কিছু যত্ন লোৱাৰ প্ৰয়োজনীয়তা থাকে। অধিকাংশ সময়ত আমি নিজ হাতে ৰোপণ কৰা এটা গছপুলিক জীয়াই ৰাখিবলৈ আমাৰ যি দায়িত্ব থাকে সেই দায়িত্বৰ প্ৰতি আমি আওকান কৰা পৰিলক্ষিত হয়। যদি আমি নিজকে এগৰাকী পৰিবেশ সচেতন লোক হিচাপে গঢ়ি তুলিব পাৰো তেনেহলে তেতিয়া সকলোৱে এক সুস্থ পৰিবেশ গঢ়ি তোলাৰ বাবে নিজৰ দায়িত্বৰ প্ৰতি দায়বদ্ধ হৈ থাকিব। যদি আমি এগৰাকী পৰিবেশ সচেতন লোক হিচাপে নিজকে গঢ়ি তোলাৰ পৰিবৰ্তে আধুনিকতাৰ ধামখুমীয়াত নিজকে বিলীন কৰি দিবলৈ চেষ্টা কৰি থাকোঁ তেনেহলে অতি কম সময়ৰ ভিতৰত যে আমি এক অসুস্থ পৰিবেশৰ মাজত জীয়াই থাকিবলৈ বাধ্য হৈ পৰিম সেই কথা ধুৰূপ। পৰিবেশ যিমানে অসুস্থ হৈ গৈ থাকিব সিমানে পৃথিবীত জীৱকুল জীয়াই থকাৰ বাবে প্ৰত্যাহ্বান বৃদ্ধি হৈ গৈ থাকিব। পৃথিৱীৰ প্ৰতিগৰাকী লোকে যদি অন্তত নিজে জীয়াই থকাৰ স্বাৰ্থতে এক সুস্থ পৰিবেশ সৃষ্টি কৰাত মনোনিবেশ কৰিবলৈ আৰম্ভ কৰে তেনেহলে হয়তো আমি যি ভয়াবহ ভৱিষ্যতৰ দিশে আগবাঢ়ি যোৱাৰ উপক্ৰম হৈছোঁ তাৰ পৰা ৰক্ষা পাব পাৰিম। নিজকে এগৰাকী পৰিবেশ সংৰক্ষণৰ সেনানী হিচাপে সাজু কৰি তোলাৰ পৰিবৰ্তে আনৰ ওপৰত নিৰ্ভৰ কৰি হাত সাৱটি বহি থাকিলে সেইয়া আমাৰ মূৰ্খামীৰ বাহিৰে আন একো নহয়। প্ৰতিগৰাকী লোকৰ ঐক্যবদ্ধ প্ৰচেষ্টা অবিহনে নিৰ্দিষ্ট কেইগৰাকী মান লোকৰ সহায়ত আমি কেতিয়াও পৰিবেশ সুস্থ কৰি ৰাখিব নোৱাৰিম। বিশ্ব পৰিবেশ দিৱস পালনৰ সমান্তৰালকৈ আমি সকলোৱে সংকল্পবদ্ধ হব লাগিব যে আমি বছৰত কেৱল এটা দিন নহয় প্ৰতিদিনে পৰিবেশ দিৱস হিচাপে পালন কৰিম আৰু জীৱকুল জীয়াই থকাৰ বাবে পৰিবেশক উপযোগী কৰি ৰাখিম।

দেবর্ষি গৌতম
 বনগাঁও