সঁজাল ধৰা সপোন – এছ ইছলাম

PC - Digital Photography School
সঁজাল ধৰা সপোন
এছ ইছলাম, বৰপেটা
বতাহত হালে জালে
পথাৰত সঁজাল ধৰা সপোন
আঘোণৰ পথাৰত
লহপহকৈ বাঢ়িছে লখিমী আই
আহিব চহাৰ উদং ভঁৰাল লৈ।
পিতাইৰ নাঙলৰ সীৰলুত
চহোৱা মাটি
কপালৰ ঘাম মাটিত পেলাই
সিঁচিছিল সোণগুটি
লখিমী আইৰ কেঁচা গোন্ধত
হৃদয় আমোলমোল।
দাৱনী দাই নিব সঁজাল ধৰা সপোন
কৃষকে শান দিছে কাচিত
কেচ কেচ কিচ কিচ চলিব কাচি
ডাঙৰি বান্ধিব টানকৈ।
বিৰিয়াত বান্ধিব দুয়োফালে ওলোমাই
ৰুনজুন ৰুনজুন গীত গাব
আইতাই চোতাল সাৰিপুছি
কৰিব চাফাই।
আইতাৰ মুখত হাঁহি বিৰিঙে
লখিমী আইৰ আগমনে
পথাৰত সঁজাল ধৰা সপোন
জিৰি জিৰি বতাহত হালে জালে।