বজালী জিলাৰ বুথ সন্মিলনত ৰাজ্যিক বিজেপিৰ সভাপতি

বজালী জিলাৰ বুথ সন্মিলনত ৰাজ্যিক বিজেপিৰ সভাপতি

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে ৰাজ্যিক বিজেপিৰ উদ্যোগত অনুষ্ঠিত হৈ থকা লোকসভা প্রবাস যোজনাৰ লগত সংগতি ৰাখি আজি বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বজালী জিলাৰ ভাগৱতী ক্ষেত্ৰত অনুষ্ঠিত ‘বুথ সন্মিলন’ৰ সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা উপস্থিত থাকে। উক্ত সম্মিলনত পাটাছাৰকুছি আৰু ভৱানীপুৰ বিধানসভাৰ অন্তৰ্গত বুথ সভাপতি সকলৰ লগতে দলীয় কার্যকর্তা সকল উপস্থিত থাকে। সভাত ভাষণ প্রদান কৰি শ্ৰী কলিতাই কয়, ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ লগতে শ্ৰদ্ধাৰ কার্যকৰ্তা সকলে নিষ্ঠা আৰু সততাৰে আগবঢ়াই অহা সেবামূলক কাৰ্যকলাপৰ আধাৰত বৰপেটা লোকসভা সমষ্টিটো বিজেপিয়ে দখল কৰিবলৈ সক্ষম হ’ব। ৰাজ্যিক সভাপতি গৰাকীয়ে লগতে দলীয় কার্যকর্তা সকলক মহা জনসম্পৰ্ক অভিযানৰ জৰিয়তে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি সমূহ ৰাইজৰ মাজলৈ নিবলৈ আহ্বান জনায়। উক্ত সভাতে আজি ৰাজ্যিক বিজেপিৰ মাহেকীয়া মুখপত্র “অসমীয়া বিজেপি বার্তা” ৰ জুন মাহৰ সংখ্যাটি শুভ উন্মোচন কৰা হয়। বিশিষ্ট শিক্ষাবিদ, দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তা হৰিহৰ শৰ্মাই “অসমীয়া বিজেপি বাতা”ৰ সপ্তম বৰ্ষৰ ষষ্ঠ সংখ্যক খণ্ডটি উন্মোচন কৰে। উল্লেখ্য যে মুখপত্ৰখন অসমৰ প্ৰতিখন জিলালৈ প্ৰচাৰ আৰু প্ৰসাৰ কৰা উদ্দেশ্যই জুন মাহৰ সংখ্যাটি বজালী জিলাৰ বুথ সম্মিলত উন্মোচিত হৈ যায়। আজিৰ অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধারণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, অসম চৰকাৰৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, ভাৰতীয় জনতা পাৰ্টি, বজ্ঞানী জিলাৰ সভাপতি নগেন চৌধুৰী উপস্থিত থাকে।