এইবেলি ব’হাগ মোৰ উকা উকা লাগিল
এইবেলি ব’হাগ মোৰ উকা উকা লাগিল,
পাহাৰৰ কুলি জনী পদূলিলৈ নাহিল,
বৰ গছৰ আঁৰে আঁৰে সুৰ ভাঁহি নাহিল।
নাপালা আহৰি চিনাকি পদূলিত,
প্ৰতি বাৰে ৰৈ যোৱা মোৰেই পদুলিত,
এইবাৰ কিয় বাৰু আকৌ এবেলি!
পাহৰিলা সখী তুমি বাৰু কিয় মোক?,
কিমান যে বাটে চালোঁ তোমাৰ বাবে এধানি।
তুমি নহাৰ বাবেই জানা মোৰ মৰমী,
ৰঙৰ ৰঙালী আজি মোৰ বাবে কঙালী,
প্ৰেমৰ বহাগত আজি বিষাদ ধেমালি,
বিৰহ ক’লা মেঘে বাৰে বাৰে উমলে।
হ’ব দিয়া এইবেলি দুখতে যাওঁক,
নহলে বা কৰি কি! উপায়ন্তৰ যে আজি মই,
অহা বেলি আহিবা বাটে চালোঁ তোমালৈ
এইবেলি অপুৰণ,সুখময় পিয়াহ মোৰ হল হে নিবাৰণ।
আশাবাদী অহা বেলি হব মোৰ নিবাৰণ।
নকৰিবা নিৰাশ অ আই জনী মোৰ অ,
বাৰে বাৰে কাকূটি তোমাক মোৰ মৰমী।
মুন শৰ্মা,লখিমপুৰ