এআইএছইচিৰ শিক্ষা বিভাগৰ অভিৱৰ্তন
ৰঙিলী বাৰ্ত্তাসেৱা- অল ইণ্ডিয়া ছেভ এডুকেচন কমিটী(AISEC)ৰ অসম ৰাজ্যিক কমিটীৰ উদ্যোগত গুৱাহাটীৰ জয়ন্ত কুমাৰ- লখিমী বৰুৱা সদনত শিক্ষাৰ সামগ্ৰিক ব্যক্তিগতকৰণ-বাণিজ্যিকীৰণ আৰু শিক্ষাৰ প্ৰাণসত্বা ধ্বংসৰ নীলনক্সা জাতীয় শিক্ষানীতি’২০২০ৰ বিৰুদ্ধে এখনি শিক্ষা অভিৱৰ্তন অনুষ্ঠিত হয়। অধ্যাপক ত্ৰিদীব গগৈ, অধ্যাপক ওছমান গণি মোল্লা, শ্ৰী সুব্ৰত চন্দ্ৰ নাথ আৰু অধ্যাপক আব্দুছ ছবুৰৰ দ্বাৰা গঠিত সভাপতিমণ্ডলীৰ দ্বাৰা পৰিচালিত এই অভিৱৰ্তনত উদ্বোধনী বক্তব্য ৰাখে বিশিষ্ট শিক্ষাবিদ, গুৱাহাটী কমাৰ্চ কলেজৰ প্ৰাক্তন অধ্যক্ষ ড০ ঘনশ্যাম নাথে। সমলব্যক্তি হিচাপে বক্তব্য ৰাখে অল ইণ্ডিয়া ছেভ এডুকেচন কমিটীৰ সাধাৰণ সম্পাদক, কলকাতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ তৰুণ চন্দ্ৰ নস্কৰ, অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনী, অসমৰ অৱসৰী সঞ্চালক প্ৰধান শ্ৰী দিলীপ বৰা আৰু সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক শ্ৰী ৰাতুল চন্দ্ৰ গোস্বামীয়ে।আৰম্ভনিত অভিৱৰ্তনৰ মূল প্ৰস্তাৱ উত্থান কৰে অধ্যাপক আব্দুছ ছবুৰে আৰু প্ৰস্তাৱৰ সমৰ্থনত বক্তব্য ৰাখে অল ইণ্ডিয়া ছেভ এডুকেচন কমিটীৰ অসম শাখাৰ সম্পাদক অধ্যাপক প্ৰদীপ মহাপাত্ৰ’ই।সমল ব্যক্তিসকলে তেওঁলোকৰ বক্তব্যত জাতীয় শিক্ষানীতি’২০২০ৰ বিভিন্ন জাতিধ্বংসী দিশ সম্পৰ্কে ব্যখ্যা কৰাৰ লগতে এই শিক্ষানীতি প্ৰতিৰোধৰ বাবে ঐক্যবদ্ধ আন্দোলন গঢ়ি তোলাৰ বাবে সকলো শিক্ষাপ্ৰেমী জনসাধাৰণক আগবাঢ়ি আহিবলৈ আহ্বান জনায়।