মুখা
আলতাব হুছেইন
নীলিম আকাশে বিষন্নতাৰ মুখা পিন্ধি
সৰা পাতৰ দৰে এটোপ এটোপ কৈ
বিৰহৰ চকুলো টুকিছে
লঠঙা বিৰিখে ব’হাগৰ আগমন পাই
ন’ কুঁহিপাতেৰে সেউজীয়া মুখা পিন্ধিছে ।
মানৱতাৰ মুখা পিন্ধি
কিছুমান সম্পদশালী ধনী লোকে
সমাজখন কৰিছে বিষাক্ত !
সুযোগ পালে দুখীয়া দৰিদ্ৰৰ
পৰিশ্ৰমি ভগ্ন হৃদয়ক
ফেঁটী সাপৰ দৰে খুঁটে ।
চন্দ্ৰই আঁউসীৰ মুখা পিন্ধি
ৰাতিৰ উজ্বলতা কৰিছে নাইকিয়া,
অভদ্ৰ কিছুমান লোকে মানৱতাৰ মুখা পিন্ধি
উঠি অহা যুৱ-প্ৰজন্মক অসৎ কৰ্মত লিপ্ত কৰি
সোণালী জীৱন কৰিছে ধ্বংস ।
জোনাকী পৰুৱাই তৰাৰ মুখা পিন্ধি
অন্ধকাৰে ছানি ধৰা জীৱন বাট
পোহৰৰে আলোকিত কৰি
অন্ধকাৰ বাটৰ সন্ধান দি
তিৰবিৰনিৰে উজ্বলি তুলিছে জীৱন বাট ।
