শিশুৰ পৃথিৱী
মুন শৰ্মা, লখিমপুৰ
পথৰ দাঁতিত এজাক শিশু,
ব্যস্ত সিহঁত শিলৰ মাজত,
কোমল হাতেৰে তীব্র মাৰ,
ডাঙৰ কঠিন শিলৰ বুকুত।
সূৰ্য উদয় সিহঁত আহে,
সূৰ্য ডুবে সিহঁত যায়,
এনেকৈ দিন বোৰ বাগৰি যায়।
শিক্ষা গ্ৰহণ আধাতে এৰিলে,
ঘৰৰ অৱস্থাত দুঃখিত সিহঁত,
কৰিবই লাগিব কিবা উপায়,
নহলে নহব জীয়াই থকা সাধ্য।
সোণালী শৈশৱৰ দিনত সিহঁত,
এমুঠি অন্নৰ বাবে ব্যস্ত সিহঁত,
শিক্ষা লব নোৱাৰে যাব ,
হাতুৰী এৰিলে ঘৰত নজ্বলে ,
এসাজ খাবলৈ চৌকাত জুই।
সিহঁতৰ জগত এই খন নহয়,
সিহঁতৰ জগত অন্য এক পৃথিৱী,
মোহনীয়া অনুপম এক পৃথিৱী।
জানিও একো কৰিব নোৱাৰো,
অন্তৰে কান্দে সিহঁতৰ বাবে,
অভিশাপে আগুৰা এসাজ শিশুৰ বতৰাই।
ভগৱানক প্ৰাৰ্থনা কৰক সকলোৱে,
তাৰ বাহিৰে উপায় চোন নাই,
সোনকালে মুক্তি হওঁক সিহঁত বোৰৰ,
সিহঁতৰ পৃথিৱীত থাকক সিহঁত।
শ্ৰমিক জগতৰ শিশু নহয়,
শিক্ষা , বিদ্যালয়ৰ শিশু সিহঁত।
মুক্ত হওঁক অভিশাপ সিহঁতৰ,
বিদ্যালয় গৃহ শুৱনি কৰক ,
শিক্ষাৰে জিনক জগত সিহঁতে।
