প্ৰতিশোধ
নাভাবিবা কোনোবাই
তোমাক প্ৰতিশোধ লোৱা বুলি ,
তলে তলে যে
ইকাণ – সিকাণকৈ
বদনাম গাইছে বহুজনে ,
সেই কথা লক্ষ্য
কৰা মাথোঁ তুমি
আঁতৰি আহা
সেই স্থানৰ পৰা
যি স্থানত তোমাৰ
মূল্যয়ে নাই ,
প্ৰয়াস নকৰিবা কাহানিও
সেইসকলক প্ৰতিশোধ
ল’ম বুলি সংগোপনে
মাথোঁ নিজৰ
কৰ্তব্যত এক্ৰান্ত হোৱা
নিজকে প্ৰস্তুত কৰা
আনতকৈ কম নহয় বুলি ,
আৰু দেখুওৱাই দিয়া
তুমিও যেন
কম নহয় বুলি ।।।।
লখিমী শৰ্মা
যোৰহাট
