শামুক
মৈত্ৰেয়ী পূজাৰী, গোলাঘাট
কাহিনীৰো কাহিনী থাকে
অথবা কাহিনীত গজি উঠে কাহিনী
ঠিক
পুৱাৰ ৰ’দজাকৰ দৰেই
তুলবুলীয়া আঙুলিৰ ফাঁকেৰে
খহি পৰে বুকুৰ উশাহ
পথৰুৱা আলিত ওলমে
ভাগৰুৱা নিশাহ
বুঢ়া আহঁতৰ ছাঁত জীৰায়
আঘোনীয়া হেঁপাহ
চিনাকি বলুকাত একুঁকি তৰাই মেলা পাতে
কাঁজলী সুতাৰ নেচাবোৰে যাত্ৰা কৰে
চেৰেকীৰ পৰা মহুৰালৈ
সেউজীয়া শিলত উচুপে
ঘামপিচলা হাতৰ নাঙলৰ সাধু
আউল লগা বাউলী সময়বোৰত
চঞ্চল সুহুৰি নামি আহে
বুকুত স্বৰলিপিৰ উজান উঠে
কলিজাত বাজি উঠে স্বাধীনতাৰ গান
জীৱন জিনাৰ গান।
