“মা”- মিতুমনি কলিতা

“মা”

 মা তুমি অনন্যা,
মা তুমি সুকন্যা,
অনুভৱৰ দলিচাত আজি শব্দৰ নাটনি
মই যে অসামৰ্থ ঘূ্নে ধৰা শব্দৰে তোমাক বৰ্নাব…
তুমিয়েই মোৰ জীৱন দায়িনী
তুমিয়েই মোৰ সাহসৰ ধৰনী
তোমাতেই আৰম্ভণি, তোমাতেই সামৰনি…
মা, তুমি সঞ্জীৱনী।
তুমিয়েইটো দিছিলা মা,
দুখৰ কুহুৰন ফালি পিন্ধাই সুখৰ কলাজ,
তন্দ্ৰাবিহীন ৰজনীত হৈ পৰিছিলা
তুমিয়েই এক মাত্ৰ সাৰথি মা
যোনে সাৱটি লৈছিল মোক বুকুত সোমোৱাই।
মা তুমি তেজস্বী,
তোমাৰ তেজস্বীতাই প্ৰদান কৰিলে মোক
এই সুন্দৰ ধৰনী..
তোমাতেইটো সৃষ্টি, তোমাতেই মোৰ শক্তি
তুমিবিনে মই এটি দীপ্তিহীন বন্তি..।
মা তোমালৈ যাঁচিছো মোৰ শত শত প্ৰনাম
হৈ ৰোৱা মোৰ জীৱনৰ এগৰাকী পথ প্ৰদৰ্শক।।
মিতুমনি কলিতা
হাজো