হাজোত জাতীয় পৰিষদৰ বসন্ত উৎসৱ
ৰঙিলী বাৰ্ত্তাসেৱা- কলিতাকুছি বৰুৱাবাৰী কাৰ্যালয়ত কালি অসম জাতীয় পৰিষদ, হাজো সমষ্টিৰ উদ্যোগত বসন্ত উৎসৱ উদযাপন কৰা হয় । অনুষ্ঠানত হাজো অঞ্চলৰ কেইবাগৰাকীও জ্যেষ্ঠ শিক্ষাবিদৰ লগতে ৩৫ গৰাকী সাংবাদিকক অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদে সম্বৰ্ধনা জনোৱাৰ লগতে অনাগত জুন-জুলাই মাহত সাংবাদিক সকলৰ লগত বিশেষ ভ্ৰমণ কৰিব বুলি জনায়৷সন্ধিয়া ৭:০০ বজাৰ পৰা বিহু হুঁচৰি আৰু নৃত্য প্ৰদৰ্শনৰ লগতে হাজোৰ অতি জনপ্ৰিয় শিল্পী জ্যোতিপʼলকে ধৰি কেইবাগৰাকীও শিল্পীয়ে গীত পৰিৱেশন কৰে৷অনুষ্ঠানত ঘোষণা হিচাপে উপস্থিত থাকে আব্দুল মতলিব চৌধুৰী। কাৰ্যসূচী সমূহত উপস্থিত থাকে অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদক শিশিৰ দেৱ কলিতা, জিলা সভাপতি সঞ্জীৱ মহন্ত, বৰপেটা জিলাৰ সাধাৰণ সম্পাদক ছাইদুল ইছলাম,সমষ্টি সমিতিৰ সভাপতি তাহেৰ আলী, কাৰ্যকৰী সভাপতি গৌতম মালাকৰ, বাসুদেৱ দাস, জাতীয় যুৱ শক্তিৰ সাংগঠনিক সম্পাদক নাজিম আহমেদ, পৰীক্ষিত দাস,পুতুলী মহন্তকে ধৰি কেইবাগৰাকীও নেতা কৰ্মী, বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজ৷
