বাখৰুৱা সুৰ হৈ উমলিম তোমাৰ পৃথিৱীত
মৌন ওঁঠৰ ভাষাবোৰ সামৰি থঁও
ক’বলগীয়া কথাবোৰ তল পেলাই,
আবেগৰ উজান উঠা হৃদয়খন
চিৰাচিৰ হয় বুলি।
প্ৰাপ্তি অপ্ৰাপ্তিৰ দোমোজাত
ভাষাবোৰ হেৰাই কেনিবা
ভালপাওঁ বুলি ক’লেই যদি
ফুলি উঠে শেৱালিপাহি
শৰতে দি যায় হেঁপাহৰ এখন আকাশ
তেন্তে তিতি যাওঁক তোমাৰ বুকুৰ পথাৰ
শাৰদীয় জোনাকৰ বৰ্ণালীৰে
বিচ্ছুৰিত হওঁক তোমাৰ হেঁপাহ বোৰ
এসাগৰ নীলা আভাৰে।
বিস্মৃত হৈ ৰওঁক বিপন্ন সময়বোৰ
বাখৰুৱা সুৰ হৈ
উমলিম তোমাৰ পৃথিৱীত।।
অলকা বুজৰ বৰুৱা
টিহু টাউন ( ৩ নং ৱাৰ্ড )
নলবাৰী (অসম)