মুৰলীধৰ চৌধুৰী, ড০ তপন দাসক অসম অলিম্পিক সন্থাৰ সম্বৰ্দ্ধনা

মুৰলীধৰ চৌধুৰী, ড০ তপন দাসক অসম অলিম্পিক সন্থাৰ সম্বৰ্দ্ধনা

ৰঙিলী বাৰ্ত্তাসেৱা-  শেহতীয়াকৈ সৰ্বভাৰতীয় উশ্বু সন্থাৰ কোষাধ্যক্ষ নিৰ্বাচিত হোৱা মুৰলীধৰ চৌধুৰী আৰু সৰ্বভাৰতীয় চাইক্লিং ফেডাৰেশ্বনৰ যুটীয়া সম্পাদক নির্বাচিত হোৱা ড০ তপন দাসক দেওবাৰে অসম অলিম্পিক সন্থাই সম্বৰ্দ্ধনা জনায়। সম্বৰ্দ্ধনা অনুষ্ঠানত অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰৰ লগতে আন বিষয়ববীয়াসকল- ৰাজীৱ প্ৰকাশ বৰুৱা, কল্যাণ গগৈ, অমল পাটোৱাৰী, ভৱজ্যোতি গোস্বামী, বিষ্ণুৰাম নুনিছা, অংশুমান দত্ত,ভৱজ্যোতি গোস্বামীৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানতে উশ্বু ফেডাৰেশ্বন অৱ ইণ্ডিয়াৰ এছোচিয়েট কাৰ্যকৰী সদস্য নিৰ্বাচিত হোৱা ৰঞ্জিত বড়োকো সম্বৰ্দ্ধনা জনোৱা হয়।