ঋষিৰাজ শৰ্মাৰ বিয়োগত দল-সংগঠনৰ শোক

ঋষিৰাজ শৰ্মাৰ বিয়োগত দল-সংগঠনৰ শোক

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ সংগীত জগতৰ ভোটাতৰা তথা গণশিল্পী দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মাৰ পুত্ৰ, বিশিষ্ট কন্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ ঋষিৰাজ শৰ্মাৰ বিয়োগত ভিন ভিন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰে । বহুভাষিক সাহিত্য‌‌ মঞ্চ, অসমৰ প্ৰধান সম্পাদক দীপক শৰ্মা, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, নাথ সাহিত্য সভা, অসমৰ সভাপতি ড০ হৰ কুমাৰ নাথ, বিশিষ্ট গীতিকাৰ- সাহিত্যিক শচীন দাস, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ, অসম প্ৰদেশ কমিটিৰ প্ৰাক্তন সচিব প্ৰধান কমল কলিতা, পৰিষদৰ গুৱাহাটী জিলা কমিটিৰ সভাপতি নিশুতি মজুমদাৰ, অসম শিশু সাহিত্য সমাজ, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাস, আজাৰা সাহিত্য সভাৰ সভাপতি ৰাতুল চন্দ্ৰ গোস্বামী, পৰাগজ্যোতি প্ৰকাশনৰ হৈ স্বপ্না শৰ্মা, স্বেচ্ছাসেৱী অনুষ্ঠান “ৰং” আদি দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰি সংগীত জগতৰ চিনাকী মুখ লগতে মৃত্যুৰ আগলৈ মাতৃৰ স’তে একেলগে সমাজ সচেতন গীত গাই যি এক মহান নিদৰ্শন দাঙি ধৰি থৈ গ’ল সেইয়া সদায় স্মৰণীয় হৈ থাকিব । তেওঁৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে পৰিয়ালৰ প্ৰতি সমবেদনা সকলো দল-সংগঠনে একেমুখে কামনা কৰে ।