সমষ্টি পুনৰ নিৰ্ধাৰণৰ আসোৱাহৰ সমাধান বিচাৰি ১১ বিৰোধী ৰাজনৈতিক দলৰ স্মাৰক পত্ৰ

সমষ্টি পুনৰ নিৰ্ধাৰণৰ আসোৱাহৰ সমাধান বিচাৰি ১১ বিৰোধী ৰাজনৈতিক দলৰ স্মাৰক পত্ৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ ১১ টা বিৰোধী ৰাজনৈতিক দলে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰি ৰাজ্যৰ প্ৰস্তাৱিত সমষ্টি পুনৰনিৰ্ধাৰণৰ ক্ষেত্ৰত থকা আসোৱাহসমূহ সমাধানৰ বাবে ইতিপূৰ্বে দাখিল কৰা আবেদনৰ সন্দৰ্ভত আলোচনা কৰি স্মাৰক পত্ৰ প্ৰদান কৰে। বিৰোধী ৰাজনৈতিক দলকেইটাই ২০০১ ৰ লোকপিয়লৰ পৰিৱৰ্তে শেহতীয়া লোকপিয়ল অনুসৰি সমষ্টিৰ পুনৰনিৰ্ধাৰণ কৰিবলৈ দাবী জনায়। উক্ত স্মাৰক পত্ৰ মুখ্য নিৰ্বাচনী বিষয়াই তাৎক্ষণিকভাৱে আজিৰ ভিতৰতে সমষ্টি পুনৰনিৰ্ধাৰণ আয়োগলৈ প্ৰেৰণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।মুখ্যমন্ত্ৰী নিৰ্বাচনী বিষয়াক সাক্ষাৎ কালত অসম তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা দলৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মা আৰু সাধাৰণ সম্পাদক (সংগঠন) অৰূপজ্যোতি ভূঞা উপস্থিত থাকে।